ETV Bharat / bharat

বানাক্ৰান্ত দুই তেলুগু ৰাজ্যলৈ ৰামোজী গ্ৰুপৰ ৫ কোটি টকা সাহাৰ্য : সাহাৰ্য পুঁজিলৈ অনুদানৰ আহ্বান - Flood in Telugu States - FLOOD IN TELUGU STATES

Ramoji Group donation to flood victims : দুই তেলুগু ৰাজ্যত ধ্বংসযজ্ঞ চলাইছে বানে ৷ ক্ষতিগ্ৰস্ত হৈছে লাখ লাখ লোক ৷ নষ্ট হৈছে বহু সা-সম্পত্তি, ঘৰ-দুৱাৰ ৷ এই সংকটৰ সময়ৰ লগত মোকাবিলা কৰাৰ বাবে ৰামোজী গ্ৰুপে আগবঢ়াইছে ৫ কোটি টকা ৷

Ramoji Group donation to flood victims
বানাক্ৰান্তলৈ ৰামোজী গ্ৰুপৰ অনুদান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 10:22 PM IST

নিউজ ডেস্ক, ৪ ছেপ্টেম্বৰ : অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত ধাৰাসাৰ বৰষুণৰ ফলত হোৱা বানে সৃষ্টি কৰিছে বিভীষিকা ৷ বানত ক্ষতিগ্ৰস্ত হৈছে লক্ষাধিক পৰিয়াল ৷ 35 গৰাকী লোকৰ এইপৰ্যন্ত মৃত্যু হৈছে ৷

বানত ক্ষতিগ্ৰস্তৰে মোকাবিলা কৰিবৰ বাবে ৰামোজী গ্ৰুপে আগবঢ়াইছে ৫ কোটি টকাৰ আৰ্থিক সাহাৰ্য ৷ তেলুগু ৰাজ্য দুখনক বানপীড়িতসকলৰ বাবে ৰাইজৰ পৰাও অনুদানৰ আহ্বান জনাইছে ৰামোজী গ্ৰুপে ৷ ঈনাডু সাহাৰ্য পুঁজিৰ জৰিয়তে ৰামোজী গ্ৰুপে তেলুগু ৰাজ্য অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাত প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্তসকলক সহায় কৰাৰ বাবে এই আৰ্থিক সাহাৰ্য আগবঢ়াইছে ৷

উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্য দুখনত হোৱা আকস্মিক বানে ধ্বংসযজ্ঞ অব্যাহত ৰাখিছে ৷ ঘৰ, জীৱিকা আৰু হাজাৰ হাজাৰ লোকৰ জীৱনলৈ সংকট নমাই আনিছে এই বানে ৷ ৰুষ্ট প্ৰকৃতিয়ে জলমগ্ন কৰিছে বহু অঞ্চল, ভেটি হেৰুৱাবলগীয়া হৈছে বহু পৰিয়ালে ৷ এই সংকটৰ সময়ত বানবিধ্বস্ত ৰাজ্য দুখনৰ জনতাৰ কান্দোন শুনি আগবাঢ়ি আহিছে ৰামোজী গ্ৰুপ ৷

ঈনাডু সাহাৰ্য পুঁজিৰ জৰিয়তে তাৎক্ষণিক উদ্ধাৰ অভিযানত সহায় কৰাৰ লগতে আৰু ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ্সংস্থাপনৰ বাবে আৰ্থিক সাহাৰ্যৰ আহ্বান কৰিছে ৰামোজী গ্ৰুপে ৷ ৰামোজী গ্ৰুপে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে এই সংগৃহিত পুঁজি বানৰ দ্বাৰা প্ৰভাৱিত এলেকাবোৰ কাষ পাবগৈ ৷

প্ৰতিজনগৰাকী লোক আৰু সংগঠনক এই মানৱীয় প্ৰচেষ্টাত ৰামোজী গ্ৰুপৰ সৈতে হাত মিলাবলৈ আন্তৰিকতাৰে অনুৰোধ জনাইছে ৷ ঈনাডু ৰিলিফ ফাণ্ডলৈ উদাৰ অৱদানে জীৱন পুনৰুদ্ধাৰ, ঘৰ পুনৰ নিৰ্মাণ আৰু সৰ্বস্ব হেৰুওৱা লোকসকলৰ সপোন পুনৰ জাগ্ৰত কৰাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

তলত উল্লেখ কৰা বেংক একাউণ্টলৈ অনুদান প্ৰেৰণ কৰিব পাৰিব :

Eenadu Relief Fund

Union Bank of India

Saifabad Branch

SB A/c no. 370602010006658

IFSC Code: UBIN0537063

এই আহ্বান জনাইছে ৰামোজী গ্ৰুপৰ হৈ কিৰণ ৰাৱে ৷

লগতে পঢ়ক : নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে পিতৃ-কন্যাক : ২৫ বছৰীয়া বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ

বান সাহাৰ্য পুঁজিলৈ উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণৰ 6 কোটি টকাৰ অনুদান

বানে ধুই নিয়া তেলেংগানা-অন্ধ্ৰ প্ৰদেশলৈ প্ৰভাস-আল্লু অৰ্জুনৰ সহায়ৰ হাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.