ETV Bharat / bharat

মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ ভিতৰতে কাৰ্যকৰী হ’ব ‘এক দেশ, এটা নিৰ্বাচন’ - ONE NATION ONE ELECTION

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2024, 4:52 PM IST

Modi government: মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হোৱা সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত কৰে গৃহমন্ত্ৰী অমিত শ্বাহে । তেওঁ সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে চৰকাৰে নিজৰ কাৰ্যকালত ‘এক দেশ, এক নিৰ্বাচন’ৰ পৰিকল্পনা কাৰ্যকৰী কৰিব বিচাৰে ।

Modi government
ONE NATION ONE ELECTION (IANS/ANI)

নিউজ ডেস্ক, 17 ছেপ্টেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে অহা পাঁচ বছৰৰ ভিতৰত অৰ্থাৎ এই কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ আগতেই দেশত ‘‘এক দেশ, এক নিৰ্বাচন’’ কাৰ্যকৰী হ’ব । মঙলবাৰে সংবাদমেল সম্বোধন কৰি তেওঁ এন ডি এ চৰকাৰে তৃতীয়বাৰলৈ ক্ষমতা দখল কৰাৰ পৰা যোৱা ১০০ দিনত কৰা উল্লেখযোগ্য কামৰ ওপৰতো আলোকপাত কৰে ।

গৃহমন্ত্ৰীগৰাকীয়ে কয়, "এই চৰকাৰৰ কাৰ্যকালত চৰকাৰে ‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰিছে ।" উল্লেখ্য যে যোৱা মাহত স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এক দেশ, এক নিৰ্বাচন’ৰ বাবে এক শক্তিশালী যুক্তি আগবঢ়াইছিল, য’ত তেওঁ জোৰ দিছিল যে সঘনাই নিৰ্বাচন হ’লে দেশ উন্নয়নৰ গতি লেহেমীয়া হয় ।

বিজেপিৰ ইস্তাহাৰত বিষয়টো অন্তৰ্ভুক্ত কৰিব লাগে

ৰাজনৈতিক মহলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে সাধাৰণ জনতাৰ কল্যাণৰ বাবে যাতে ৰাষ্ট্ৰীয় সম্পদ আৱণ্টন দিয়া হয় তাৰ বাবে ঐক্যবদ্ধতাৰ আহ্বান জনাইছিল । সামূহিক দায়বদ্ধতাৰ গুৰুত্ব পুনৰবাৰ উল্লেখ কৰি তেওঁ কয় যে ‘এক দেশ, এক নিৰ্বাচন’ৰ সপোন বাস্তৱায়িত কৰিবলৈ আমি আগবাঢ়ি আহিব লাগিব । এই প্ৰস্তাৱ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ইস্তাহাৰৰ এক গুৰুত্বপূৰ্ণ উপাদান ।

প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠিত পেনেলৰ পৰামৰ্শ

উল্লেখযোগ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত এক উচ্চ পৰ্যায়ৰ পেনেলে লোকসভা আৰু ৰাজ্যিক বিধানসভা উভয়ৰে একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিছিল । যদিও পেনেলে প্ৰস্তাৱিত পৰিৱৰ্তনসমূহ কাৰ্যকৰী কৰাৰ কোনো সময়সীমা নিৰ্দিষ্ট কৰা নাছিল, তথাপিও ইয়াৰ পৰামৰ্শসমূহ সুচাৰুৰূপে কাৰ্যকৰী কৰিবলৈ এটা ‘কাৰ্যকৰী গোট’ গঠনৰ আহ্বান জনাইছে ।

ইয়াৰ বাবে পেনেলে ১৮ টা সাংবিধানিক সংশোধনীৰ পৰামৰ্শও আগবঢ়ায়, ইয়াৰে অধিকাংশতে ৰাজ্যিক বিধানসভাৰ অনুমোদনৰ প্ৰয়োজন নাই, কিন্তু সাংবিধানিক সংশোধনী বিধেয়কৰ ৰূপত সংসদৰ অনুমোদনৰ প্ৰয়োজন হ’ব ।

লগতে পঢ়ক: কেন্দ্ৰই মণিপুৰত উচিত মূল্যত সামগ্ৰী যোগান ধৰিব; কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ঘোষণা - Amit Shah Comments on Manipur

৭৪ বছৰীয়া হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী - Narendra Modi Birthday

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.