ETV Bharat / bharat

ডীপফেক ভিডিঅ'ৰ ওপৰত নিৰ্দেশনা দিবলৈ অস্বীকাৰ দিল্লী উচ্চ ন্যায়ালয়ৰ - Petition on Ban Deepfake Video - PETITION ON BAN DEEPFAKE VIDEO

Petition on Ban Deepfake Video : দিল্লী উচ্চ ন্যায়ালয়ে ডীপফেক ভিডিঅ'ৰ ওপৰত নিষেধাজ্ঞা বিচাৰি কৰা আবেদনৰ ওপৰত নিৰ্দেশনা দিবলৈ অস্বীকাৰ কৰে । আদালতে কয় যে আমি আয়োগক কোনো নিৰ্দেশ দিব নোৱাৰো ।

Petition on Ban Deepfake Video
ডীপফেক ভিডিঅ'ৰ ওপৰত নিৰ্দেশনা দিবলৈ অস্বীকাৰ দিল্লী উচ্চ ন্যায়ালয়ৰ (ETV Delhi desk)
author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 10:20 PM IST

নিউজ ডেস্ক, ২ মে' : দিল্লী উচ্চ ন্যায়ালয়ে লোকসভা নিৰ্বাচনক প্ৰভাৱিত কৰিবলৈ প্ৰচাৰিত 'ডীপফেক' ভিডিঅ'ৰ ওপৰত নিষেধাজ্ঞা বিচাৰি কৰা আবেদনৰ ওপৰত নিৰ্বাচন আয়োগক কোনো নিৰ্দেশ দিবলৈ অস্বীকাৰ কৰিছে । কাৰ্যকৰী মুখ্য ন্যায়াধীশ মনমোহনৰ নেতৃত্বত এখন বিচাৰপীঠে কয় যে নিৰ্বাচনৰ মাজতে আমি নিৰ্বাচন আয়োগক কোনো নিৰ্দেশ জাৰি কৰিব নোৱাৰো ।

  • " class="align-text-top noRightClick twitterSection" data="">

আদালতে কয় যে আয়োগে নিজৰ হৈ এনেধৰণৰ গোচৰত ব্যৱস্থা ল'বলৈ সক্ষম আৰু আয়োগৰ ওপৰত আমাৰ বিশ্বাস আছে । আদালতে আবেদনকাৰীক তেওঁৰ দাবী সন্দৰ্ভত নিৰ্বাচন আয়োগক এখন স্মাৰক-পত্ৰ দিবলৈও কয় । লগতে বিষয়টোৰ তাৎক্ষণিকতাৰ প্ৰতি লক্ষ্য ৰাখি আয়োগক আবেদনকাৰীয়ে প্ৰেৰণ কৰা স্মাৰক-পত্ৰৰ ওপৰত যিমান সম্ভৱ সোনকালে (যদি সম্ভৱ হয়) সিদ্ধান্ত ল'বলৈ কয় । শুনানিৰ সময়ত নিৰ্বাচন আয়োগে আদালতক আশ্বাস দিয়ে যে এই বিষয়ত যি প্ৰয়োজন হয় তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

উল্লেখ্য যে এই আবেদনখন এটা অধিবক্তা সংগঠনে দাখিল কৰিছিল ৷ ইয়াত কোৱা হৈছিল যে এটা ডীপফেক ভিডিঅ' আঁতৰাবলৈ সময় লাগে আৰু তেতিয়ালৈকে যিজন ব্যক্তি সন্দৰ্ভত ভিডিঅ'টো প্ৰকাশ কৰা হৈছে তেওঁৰ যথেষ্ট ক্ষতি হয় । এনে ভিডিঅ'বোৰৰ পৰা ভুল ব্যাখ্যা অতি দ্ৰুতগতিত বিয়পি পৰে ।

আবেদনখনত লগতে কোৱা হৈছিল যে বৰ্তমানৰ তথ্য-প্ৰযুক্তি আইন এনে ধৰণৰ গোচৰৰ মোকাবিলা কৰিবলৈ সক্ষম যদিও পদক্ষেপ ল'বলৈ যথেষ্ট সময় লাগে । উল্লেখ্য যে শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ এটা ভিডিঅ' ভাইৰেল হৈছে । তেওঁৰ পূৰ্বে আন বহু ডাঙৰ চেলিব্ৰেটিৰো ডীপফেক ভিডিঅ' প্ৰকাশ হৈছে ।

লগতে পঢ়ক :ৰহস্যজনক মানৱ মনৰ গোপনীয়তা উন্মোচন কৰাটো অসম্ভৱ; পুৰোহিতৰ আত্মহত্যাত উদগনি দিয়াৰ গোচৰ বাতিল হাইকোৰ্টৰ - Karnataka Hc On Priest Suicide Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.