ETV Bharat / bharat

বাংলাদেশৰ হিন্দু সংখ্যালঘু সন্দৰ্ভত কংগ্ৰেছ নীৰৱ কিয় ? ঝাৰখণ্ডত ড৹ শৰ্মাই আঁহ ফালি বুজালে - Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : Aug 10, 2024, 3:54 PM IST

Situation of Hindus in Bangladesh : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে ৷ তেওঁ কয় যে তাত পৰিস্থিতি অধিক বেয়া, কিন্তু সমাধান হ'ব কূটনীতিৰ জৰিয়তে । প্ৰধানমন্ত্ৰী মোদীৰ ওপৰত আস্থা প্ৰকাশ কৰাৰ লগতে দেশখনৰ পৰিস্থিতিৰ প্ৰসংগত কংগ্ৰেছকো আক্ৰমণ কৰে ৷

Situation of Hindus in Bangladesh
ঝাৰখণ্ডত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat)

নিউজ ডেস্ক, ১০ আগষ্ট : ঝাৰখণ্ড ভ্ৰমণত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে ৷ শনিবাৰে ৰাঁচী বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বাংলাদেশৰ পৰিস্থিতি অধিক বেয়াৰ ফালে গতি কৰিছে ৷ এই শোচনীয় পৰিস্থিতিৰ বৰ্ণনা কৰিব নোৱাৰি বুলি কয় ড৹ শৰ্মাই ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশ্চিতভাৱে কূটনীতিৰ জৰিয়তে বাংলাদেশ চৰকাৰৰ সমস্যা সমাধান কৰিব ৷

হিন্দুৰ সমস্যাৰ প্ৰসংগত ড৹ শৰ্মাই ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীসহ কংগ্ৰেছৰ কথা উল্লেখ কৰে । তেওঁ কয় যে যদিহে মুছলমানসকল পৃথিৱীৰ যিকোনো ঠাইতে সমস্যাত পৰে, তেতিয়া কংগ্ৰেছে কয়, ‘‘আমি আছো ৷’’ কিন্তু যেতিয়া হিন্দুসকল সমস্যাত পৰে, তেতিয়া কংগ্ৰেছে কয়, ‘‘আমি নাই ৷’’

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘ প্ৰিয়ংকা গান্ধীয়ে পেলেষ্টাইন-গাজা বিষয়ত বহুবাৰ টুইট কৰিছে । সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তাত সন্ত্ৰাসবাদীৰ আক্ৰমণ চলি থাকোতেও কংগ্ৰেছ দলে ধৰ্ণাও দিছিল ৷ কিন্তু বাংলাদেশত তেনেকুৱা হোৱা নাই ৷ তথাপি বাংলাদেশৰ হিন্দু সংখ্যালঘুৰ সন্দৰ্ভত কংগ্ৰেছ নীৰৱ হৈ আছে । কংগ্ৰেছে কেৱল জাতিৰ ভিত্তিত হিন্দুসকলক বিভক্ত কৰিব বিচাৰে ।’’

ঝাৰখণ্ড, অসম আৰু বংগত হিন্দুৰ সংখ্যা হ্ৰাস পাইছে : ড৹ শৰ্মা

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে বাংলাদেশ সীমান্তৰ পৰিস্থিতি অতি বেয়া হৈ আছে । তাত আৱদ্ধ লোকসকলক ভাৰতত প্ৰৱেশৰ সন্দৰ্ভত ভাৰত চৰকাৰে এতিয়ালৈকে কোনোধৰণৰ নিৰ্দেশ দিয়া নাই ৷ আনকি এক বা দুই কোটি মানুহ লোৱাটোও কঠিন । সেয়েহে, একমাত্ৰ সমাধান হৈছে কূটনীতিৰ জৰিয়তে তাত থকা হিন্দু সংখ্যালঘুসকলক সুৰক্ষা প্ৰদান কৰা ৷

তেওঁ কয় যে বাংলাদেশত ৩৩ শতাংশ হিন্দু আছে, যি এতিয়া আঠ শতাংশলৈ হ্ৰাস পাইছে ৷ পশ্চিমবংগ, অসম আৰু ঝাৰখণ্ডতো সমানুপাতিকভাৱে হিন্দুৰ সংখ্যা হ্ৰাস পাইছে ৷ তেওঁ কয় যে ১৯৫১ চনৰ পৰা ২০২৪ চনৰ ভিতৰত বাংলাদেশত হিন্দুৰ সংখ্যা ১৩ শতাংশ হ্ৰাস পাইছে ৷ একে সময়তে অসমত হিন্দুৰ সংখ্যা ৯ শতাংশ হ্ৰাস পাইছে ৷ এইটো স্পষ্ট যে বাংলাদেশৰ সীমান্তৱৰ্তী ভাৰতৰ সকলো ৰাজ্যতে জনগাঁথনি সলনি হৈ আছে ৷

মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক জন্মদিনৰ শুভেচ্ছা :

ঝাৰখণ্ড মুক্তি মৰ্চাই কয় যে অসমৰ মুখ্যমন্ত্ৰী অসমক লৈ চিন্তিত নহয় । তেওঁ ঝাৰখণ্ডত বাস কৰে । ইয়াৰ উত্তৰত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, ‘‘ আজি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ জন্মদিন ৷ সেয়েহে মই আজি এই সন্দৰ্ভত কোনো মন্তব্য দিব নিবিচাৰো ।’’ এইদৰে কৈ ড৹ শৰ্মাই মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক জন্মদিনৰ শুভেচ্ছা জনায় । মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ দীৰ্ঘজীৱন আৰু পৰিয়ালৰ সকলো সদস্যৰ সমৃদ্ধিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক : অসমত জিলাই জিলাই ক্ষুদ্ৰ বাংলাদেশ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্বিগ্নতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.