ETV Bharat / bharat

ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু 13 তীৰ্থযাত্ৰীৰ : কেবাগৰাকীও লোকৰ অৱস্থা সংকটজনক - Teribble road Accident

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 5:35 PM IST

Bus-Truck collision : শুকুৰবাৰে পুৱাতেই সংঘটিত হ’ল এক শোকাৱহ পথ দুৰ্ঘটনা ৷ বাছ-ট্ৰাকৰ সংঘৰ্ষত এই পৰ্যন্ত মৃত্যু হৈছে 13 গৰাকী লোকৰ ৷ তদুপৰি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে আন কেবাজনো ৷

Bus Truck collision
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু 13 তীৰ্থযাত্ৰীৰ (ETV Bharat)

নিউজ ডেস্ক, 28 জুন : এক ভয়ংকৰ পথ দুৰ্ঘটনাত এই পৰ্যন্ত মৃত্যুক সাৱটি লৈছে 13 গৰাকী লোকে ৷ তদুপৰি আন দুগৰাকী আহত লোক সম্প্ৰতি সংকটজনক অৱস্থাত আছে ৷ কৰ্ণাটকৰ হাবেৰী জিলাত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনাটো ৷ শুকুৰবাৰে পুৱা প্ৰায় ৪ বজাত এখন যাত্ৰীবাহী মিনি বাছৰ সৈতে এখন ট্ৰাকৰ হোৱা সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ৷

উল্লেখ্য যে দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ আটাইকেইগৰাকী যাত্ৰী উভতি আহিছিল তাৰ্থযাত্ৰাৰ পৰা ৷ কৰ্নাটকৰ য়াল্লাম্মা মন্দিৰলৈ যোৱা লোকসকল আছিল শিৱমোগ্গাৰৰ বাসিন্দা ৷ স্থানীয় লোকে জনোৱা অনুসৰি মিনি বাছখনৰ চালকজনৰ হঠাৎ টোপনি যোৱাৰ ফলত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ৰৈ থকা ট্ৰাকত খুন্দা মৰাৰ ফলত দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাটোৰ ফলত বাছখন চূৰ্ণীকৃত পৰাৰ লগতে কেবাগৰাকীও যাত্ৰী আৱদ্ধ হৈ পৰে ৷

লগতে পঢ়ক: দ্ৰুতবেগী ৰে’লৰ খুন্দাত মৃত্যু এজনৰ, এজন আহত

দুৰ্ঘটনাটোৰ ফলত নিহতসকলৰ ভিতৰত এইপৰ্যন্ত চিনাক্ত হোৱাসকল হৈছে পৰশুৰাম (৪৫), ভাগ্য (৪০), নাগেশ (৫০), বিশালাক্ষী (৪০), মনসা (২৪), ৰূপা (৪০), আৰু মঞ্জুলা (৫০) ৷ বাকীসকলৰ পৰিচয় এতিয়াও নিশ্চিত হোৱা নাই ৷

ইফালে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিচতে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানকে ধৰি জৰুৰীকালীন সেৱাৰ লোক ঘটনাস্থলীত উপস্থিত হয় ৷ তেওঁলোকে জীৱিত লোকসকলৰ লগতে মৃত লোকসকলক উদ্ধাৰ কৰে ৷ আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও তেওঁলোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: পথ দুৰ্ঘটনাত শিক্ষকে হেৰুৱালে প্ৰাণ

শুকুৰবাৰে পুৱা সংঘটিত এই দুৰ্ঘটনাই শিৱমোগ্গাৰ বাসিন্দাসকলক শোকবিহ্বল কৰি তুলিছে ৷ পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে আপোনজনক হেৰুৱাই শোকত ভাগি পৰিছে । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ প্ৰকৃত কাৰণৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: ৰীল বনাবলৈ গৈ অন কেমেৰা মৃত্যুক সাৱটিলে যুৱতীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.