ETV Bharat / bharat

ভাৰত-বাংলাদেশ সীমান্তত সতৰ্কতা-চোৰাংচোৱা বৃদ্ধি : ১১ টা অতিৰিক্ত বাহিনী মোতায়েন বি এছ এফৰ - Bangladesh Crisis

author img

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 10:33 PM IST

Indo Bangladesh border : ভাৰত-বাংলাদেশ সীমান্তৰ ৫০৯ কিলোমিটাৰজুৰি ১১ টা অতিৰিক্ত বাহিনী মোতায়েন কৰিছে বি এছ এফে ৷ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অধিক সষ্টম হৈছে সীমান্ত সুৰক্ষা বাহিনী ৷

Indo Bangladesh border
ভাৰত-বাংলাদেশ সীমান্তত সতৰ্কতা-চোৰাংচোৱা বৃদ্ধি (ETV Bharat Assam)

তেজপুৰ, ৬ আগষ্ট : ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত ৪,০৯৬ কিলোমিটাৰ এলেকাৰ, বি এছ এফ গুৱাহাটী সীমান্তৰ অধীনস্থ ৫০৯ কিলোমিটাৰ কোঁচবিহাৰ জিলা (পশ্চিম বংগ)ৰ পৰা দক্ষিণ শালমৰা মানকাচৰ (অসম)লৈকে মুঠ ১১ টা অতিৰিক্ত বাহিনী আৰু এটা ৱাটাৰ উইং মোতায়েন কৰা হৈছে । গুৱাহাটীৰ সীমান্ত সুৰক্ষা বাহিনীৰ মুখপাত্ৰই এক প্ৰেছ বাৰ্তাৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে ৷

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ বাবে বি এছ এফৰ গুৱাহাটী সীমান্তই ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰিছে ৷ বিভিন্ন আকস্মিক পৰিস্থিতিৰ বাবে সষ্টম হৈ আছে সীমান্ত সুৰক্ষা বাহিনী ৷ সম্ভাব্য যিকোনো নিৰাপত্তাজনিত ভাবুকিৰ সমাধানৰ বাবে উচ্চ সতৰ্কতাৰ অৱস্থা ঘোষণা কৰা হৈছে ৷ সকলো স্তৰৰ বিষয়ববীয়াক যিকোনো অভাৱনীয় পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সতৰ্কতা আৰু প্ৰস্তুতি বজাই ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ সীমান্তত কঠোৰ নজৰ ৰাখিব লাগিব, জনশক্তি বৃদ্ধি আৰু দ্ৰুত প্ৰতিক্ৰিয়াৰ দল (কিউ আৰ টি) গঠন কৰা হ’ব ৷

গুৱাহাটীৰ ফ্ৰণ্টিয়াৰৰ ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৪০৯৬ কিলোমিটাৰ, বি এছ এফ গুৱাহাটী সীমান্তৰ অধীনস্থ ৫০৯ কিলোমিটাৰ কোঁচবিহাৰ জিলা (পশ্চিম বংগ)ৰ পৰা দক্ষিণ শালমৰা মানকাচৰ (অসম)লৈকে বিস্তৃত ৷ গুৱাহাটী সীমান্তই এই সমগ্ৰ এলেকা পহৰা দিবলৈ ১১টা বি এছ এফ বেটেলিয়ন আৰু এটা ৱাটাৰ উইং মোতায়েন কৰিছে, যিবোৰ সকলো এতিয়া হাই এলাৰ্টত আছে ৷ সকলো লেণ্ড কাষ্টম ষ্টেচনত (এল চি এছ) চোৰাংচোৱাগিৰি তীব্ৰতৰ কৰা হৈছে ৷

সীমান্ত আউট পোষ্ট (বি অ’ পি)ত জনশক্তি বৃদ্ধি কৰা হৈছে আৰু ফলপ্ৰসূ নিৰীক্ষণ নিশ্চিত কৰিবলৈ সকলো চোৰাংচোৱা সঁজুলি সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰা হৈছে ৷ উপ-ইউনিটসমূহক উচ্চ সতৰ্কতা বজাই ৰাখিবলৈ আৰু যিকোনো প্ৰতিকূল পৰিস্থিতি তৎকালীনভাৱে মোকাবিলা কৰিবলৈ সাজু থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ তেওঁলোকক বাস্তৱ সময়ৰ তথ্য প্ৰদান কৰিবলৈ চোৰাংচোৱা অভিযান বৃদ্ধি কৰা হৈছে, যাতে যিকোনো সম্ভাব্য ভাবুকি দ্ৰুতভাৱে চিনাক্ত আৰু নিষ্ক্ৰিয় কৰাটো নিশ্চিত কৰিব পাৰে ৷

সীমান্তৰ সংবেদনশীলতা আৰু সম্ভাব্য প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ সীমান্ত সুৰক্ষিত কৰিবলৈ কৌশলগতভাৱে বি এছ এফৰ সৈন্য নিয়োগ কৰা হৈছে ৷ সীমান্ত সুৰক্ষা বাহিনীয়ে তেওঁলোকৰ অবিৰত প্ৰচেষ্টাৰ জৰিয়তে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু অখণ্ডতা বজাই ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷

লগতে পঢ়ক : অগ্নিকুণ্ডত বাংলাদেশ: হাছিনাৰ দলৰ নেতাৰ হোটেলত অগ্নিসংযোগ, গুৰুতৰভাৱে আহত অসমৰ দুই ব্যৱসায়ী

লগতে পঢ়ক : বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ ব্ৰিটেইনৰ

লগতে পঢ়ক : দিল্লীৰ পৰা ঢাকালৈ এয়াৰ ইণ্ডিয়াৰ বিমান বাতিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.