ETV Bharat / bharat

লোকসভা নিৰ্বাচন ২০২৪ : আজি প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা; অসমৰ ৫ সমষ্টিৰ প্ৰাৰ্থী ঘোষণাৰ সম্ভাৱনা

author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 2:17 PM IST

Updated : Feb 29, 2024, 2:27 PM IST

BJP Candidates For LS Elections 2024 : লোকসভা নিৰ্বাচনৰ কাউণ্ট ডাউন আৰম্ভ হ'বলৈ মাজত মাথোঁ কেইটামান দিন বাকী । মাৰ্চৰ প্ৰথম সপ্তাহতে নিৰ্বাচন আয়োগে আগন্তুক লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰিৰ সম্ভাৱনা আছে । ইতিমধ্যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনক লৈ শাসক-বিৰোধী উভয় দলৰেই তৎপৰতা বৃদ্ধি পাইছে । তাৰ মাজতে বিজেপিয়ে লোকসভা নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থী তালিকা বৃহস্পতিবাৰে ঘোষণা কৰিব । এই তালিকাত অসমৰো পাঁচটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা হোৱাৰ সম্ভাৱনা আছে ।

আজি প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা

গুৱাহাটী, ২৯ ফেব্ৰুৱাৰী : সমাগত ২০২৪-ৰ লোকসভা নিৰ্বাচনক লৈ সমগ্ৰ দেশৰ লগতে অসমতো ব্যস্ততা বাঢ়িছে বিজেপিৰ ৷ এফালে যোগদান কাৰ্যসূচী আাৰু দলীয় সংগঠন বৃদ্ধিৰ বাবে মাইক্ৰ' মেনেজেমেণ্টৰ পৰা আৰম্ভ কৰি অসমত দলীয় প্ৰাৰ্থী নিৰ্বাচনলৈকে ব্যস্ত শাসকীয় বিজেপি । তাৰ মাজতে বৃহস্পতিবাৰে বিয়লিলৈ বিজেপিৰ প্ৰথমখন লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ’ব ৷

এই তালিকাত সমগ্ৰ দেশৰ ১০০-ৰ পৰা ১৫০ টা সমষ্টিৰ প্ৰাৰ্থী ঘোষণাৰ সম্ভাৱনা আছে ৷ ইয়াৰে ভিতৰত অসমৰ ৫ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম থকাৰো সম্ভাৱনা আছে । দিল্লীত বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকৰ পাছতেই ঘোষণা হ’ব বিজেপিৰ এই প্ৰাৰ্থী তালিকা । যাৰ বাবে এতিয়া সমগ্ৰ দেশৰ দৃষ্টি নিবদ্ধ হৈ আছে বিজেপিৰ এই কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকৰ ওপৰত ।

ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ প্ৰথমখন বৈঠক দিল্লীৰ দলীয় কাৰ্যালয়ত অনুষ্ঠিত হ’ব । এই বৈঠকত সভাপতিত্ব কৰিব দলৰ সভাপতি জে পি নাড্ডাই । বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি শীৰ্ষ নেতাসকলে অংশগ্ৰহণ কৰিব । সূত্ৰ অনুসৰি, এই বৈঠকত দলটোৱে লোকসভা নিৰ্বাচনৰ বাবে ১০০-ৰ পৰা ১২০ খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিব পাৰে । এই বৈঠকৰ সময়ত দলটোৰ নেতাসকলে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত দলটোৱে পৰাজয়বৰণ কৰা আসনসমূহৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে ।

বৃহস্পতিবাৰে প্ৰকাশ হ’বলগীয়া তালিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ নাম থকাৰো সম্ভাৱনা আছে । উল্লেখযোগ্য যে অসমৰ ১৪ টা সমষ্টিৰ ভিতৰত ১২ টা সমষ্টিৰ তালিকা হাতত লৈ ইতিমধ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা তথা ৰাজ্যিক বিজেপিৰ নেতৃবৃন্দই দিল্লীত বুধবাৰে অনুষ্ঠিত বিশেষ বৈঠকত মিলিত হয় ।

ৰাষ্ট্ৰীয় নেতৃত্বৰ হাতত অসম বিজেপিৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা অৰ্পণ কৰিছে ৰাজ্যিক বিজেপিয়ে । লগতে ৰাষ্ট্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকতো অংশগ্ৰহণ কৰে ডঃ হিমন্ত বিশ্ব শৰ্মা, ভৱেশ কলিতাকে ধৰি ৰাজ্যিক নেতৃত্বই । কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ সদস্য হিচাপে কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো বৈঠকত উপস্থিত থাকে ৷

এতিয়া স্বাভাৱিকতে বিজেপিৰ লগতে ৰাজ্যৰ ৰাজনীতিত উৎকণ্ঠা সৃষ্টি হৈছে যে অসমৰ কোন ৫ টা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ সম্ভাৱনা আছে । ঘোষণাৰ সম্ভাৱনা থকা ৫ টা সমষ্টিত কোনে কোনে পাব প্ৰাৰ্থিত্ব ? ইতিমধ্যেই চৰ্চিত হৈছে যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালো হ'ব পাৰে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী ।

ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে সোণোৱালক প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে । অৱশ্যে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই প্ৰকাশ কৰিছে যে সোণোৱালৰ প্ৰাৰ্থিত্ব প্ৰসংগত ৰাষ্ট্ৰীয় নেতৃত্বই সিদ্ধান্ত গ্ৰহণ কৰিব । অসমৰ এই পাঁচটা সমষ্টিৰ প্ৰাৰ্থীৰ ভিতৰত ডিফু সমষ্টিও থাকিব বুলি ধাৰণা কৰা হৈছে । কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ বুধবাৰৰ দিল্লী যাত্ৰাত দেখা গৈছিল মন্ত্ৰী নন্দিতা গাৰ্লোচাকো ৷ নিয়ম অনুসৰি নিৰ্বাচনী প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত মহিলা, অনুসূচিত জাতি আৰু জনজাতি লোকৰ বাবে প্ৰাৰ্থীৰ যি সংৰক্ষণ সেয়া পূৰণ কৰিব লাগিব বিজেপিয়ে ।

লগতে পঢ়ক :বিজেপিত যোগদান সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে

Last Updated : Feb 29, 2024, 2:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.