ETV Bharat / bharat

জিলা ন্যায়পালিকাৰ ন্যায়াধীশ ভাষা ব্যৱহাৰৰ প্ৰতি সচেতন হ’ব লাগিব; মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়

author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 9:40 AM IST

CJI D Y Chandrachud: শনিবাৰে গুজৰাটৰ কচ্ছ জিলাৰ ধৰ্ডোত অনুষ্ঠিত হয় সৰ্বভাৰতীয় জিলা ন্যায়াধীশ সন্মিলন ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ৷ ন্যায় ব্যৱস্থা সন্দৰ্ভত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়োৱাৰ লগতে বিচাৰ প্ৰক্ৰিয়া স্থগিত ৰখাৰ সংস্কৃতিয়ে বিবাদীসকলৰ যন্ত্ৰণা দীঘলীয়া কৰি তোলে বুলি কয় ৷

adjournment-culture-prolongs-litigants-agony-increases-backlog-cji-chandrachud

নেশ্যনেল ডেস্ক, 3 মাৰ্চ : মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে শনিবাৰে ন্যায় ব্যৱস্থা সন্দৰ্ভত প্ৰদান কৰে কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ৷ ভাৰতৰ মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, "স্থগিত ৰখাৰ সংস্কৃতিয়ে বিবাদীসকলৰ যন্ত্ৰণা দীঘলীয়া কৰি তোলে আৰু বেকলগৰ চক্ৰটোক স্থায়ী কৰে ৷ কাৰণ আদালতে নাগৰিকৰ গোচৰৰ সিদ্ধান্তৰ বাবে মৃত্যুমুখত পৰালৈ অপেক্ষা কৰিব নালাগে ।"

শনিবাৰে গুজৰাটৰ কচ্ছ জিলাৰ ধৰ্ডোত অনুষ্ঠিত সৰ্বভাৰতীয় জিলা ন্যায়াধীশ সন্মিলনৰ উদ্বোধনী ভাষণত ভাৰতৰ মুখ্য ন্যায়াধীশগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰি কয় যে প্ৰায়ে জিলা আদালতৰ ৰায়দানত লিংগভিত্তিক ভাষা ব্যৱহাৰ কৰা হয়, যিয়ে মহিলাৰ মৰ্যাদাক হেয়জ্ঞান কৰে ৷ জিলা ন্যায়পালিকাৰ ন্যায়াধীশ ভাষা ব্যৱহাৰৰ প্ৰতি সচেতন হোৱাৰ প্ৰতি জোৰ দিয়ে ভাৰতৰ মুখ্য ন্যায়াধীশগৰাকীয়ে ৷ গোচৰৰ বেকলগ আৰু অমীমাংসিতাই ন্যায়ৰ দক্ষ প্ৰশাসনৰ বাবে এক ভয়ংকৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে বুলি চন্দ্ৰচূড়ে কয় ।

ভাৰতৰ মুখ্য ন্যায়াধীশগৰাকীয়ে পুনৰ কয়, “কল্পনা কৰকচোন এজন যৌন নিৰ্যাতনৰ বলি, যাৰ গোচৰ কেইবাবছৰ ধৰি আদালতত সমাধান নোহোৱাকৈয়ে থাকে । এইটো তেওঁলোকৰ ন্যায় লাভৰ মৌলিক অধিকাৰৰ স্পষ্ট উলংঘন নহয়নে ? ন্যায়ৰ সুবিধাৰ ধাৰণাটো কেৱল আদালতৰ প্ৰৱেশৰ বাহিৰেও বিস্তৃত হ’ব লাগে; ইয়াৰ উপৰিও নাগৰিকে আদালতৰ পৰা সময়মতে ৰায় লাভ কৰাৰ নিশ্চয়তা প্ৰদান কৰিব লাগে ।"

ন্যায়াধীশৰ ভূমিকা সন্দৰ্ভত ক’বলৈ গৈ চন্দ্ৰচূড়ে বাহ্যিক হেঁচা বা জনমতৰ দ্বাৰা প্ৰভাৱিত নহৈ নিৰপেক্ষভাৱে ন্যায় প্ৰদান কৰাটোৱেই হ’ল ন্যায়াধীশৰ প্ৰধান কাম । গোচৰৰ অমীমাংসিতাৰ সমস্যা দূৰ কৰিবলৈ ব্যৱস্থাগত সংস্কাৰ, পদ্ধতিগত সংস্কাৰ আৰু প্ৰযুক্তিৰ ব্যৱহাৰক সামৰি লোৱা বহুমুখী পদ্ধতিৰ প্ৰয়োজন ।

  • " class="align-text-top noRightClick twitterSection" data="">

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে আদালতৰ প্ৰক্ৰিয়াসমূহ সুশৃংখলিত কৰা, গোচৰৰ নিষ্পত্তি ক্ষিপ্ৰ কৰা আৰু বিকল্প বিবাদ নিষ্পত্তিৰ ব্যৱস্থাৰ প্ৰসাৰত জিলা ন্যায়াধীশৰ ভূমিকা গুৰুত্বপূৰ্ণ । ইয়াৰোপৰি ব্যক্তিগত স্বাধীনতা সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত জিলা আদালত অনিচ্ছুক হোৱাৰ আশংকাও ক্ৰমান্বয়ে বৃদ্ধি পাইছে বুলিও অনুষ্ঠানত উল্লেখ কৰে মুখ্য ন্যায়াধীশগৰাকীয়ে ।

লগতে পঢ়ক: SC Slams Manipur Police : মণিপুৰ আৰক্ষীক তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.