পৱিত্ৰ মক্কাত সোমবাৰৰ পৰা আৰম্ভ হৈছে ৰমজানৰ ৰোজা
চৌদি আৰৱৰ মক্কাৰ কাবা শ্বৰিফৰ ইমাম শ্বেখ আব্দুৰ ৰহমানে চাদ উদয় হোৱা বুলি ঘোষণা কৰাৰ লগে লগে আৰম্ভ হৈছে পৱিত্ৰ মক্কাত ৰমজানৰ ৰোজা । পৱিত্ৰ মক্কাত উপস্থিত হৈছে হাজাৰ হাজাৰ হজযাত্ৰী ৷ মুম্বাইৰ আল - আমিনা ওমৰা হজ ট্ৰেভেলছৰ ৬০ গৰাকী আৰু বিশ্বৰ আন আন দেশৰ পৰা হাজাৰ হাজাৰ ওমৰাহ হজযাত্ৰী মক্কাত উপস্থিত হৈছে । ওমৰা হজ্ যাত্ৰী সকলে কাবা শ্বৰিফত তাৰাবিৰ নামাজ আদায় কৰাৰ লগতে বিশ্ব শান্তিৰ বাবে আল্লাৰ ওচৰত প্ৰাৰ্থনা জনাইছে । মুম্বাইৰ ওমৰা হজ ট্ৰেভেলছৰ মুখ্য পৰিচালক আলহাজ মন্নাফ আলী আৰু অসম ওমৰা হজ ট্ৰেভেলছৰ মুখ্য সচিব আলহাজ মনিৰ উদ্দিনৰ দায়িত্বত থকা আটাইকেইজন ওমৰা হজ যাত্ৰী মক্কাৰ হোটেলত আশ্ৰয় গ্ৰহণ কৰিছে । মক্কাৰ কাবা ঘৰত হাজাৰ হাজাৰ ওমৰাহ হজযাত্ৰী সকলে একত্ৰিত হৈ ইফতাৰ কৰি মাগৰিবৰ নামাজ আদায় কৰিছে । মক্কাত ১৫ দিন আৰু মদিনাত ১৫ দিন ওমৰাহ হজ পালন কৰি এমাহ ৰোজা ৰখাৰ পিছত ঈদৰ নামাজ আদায় কৰি পুনৰ জেদ্দা বিমানবন্দৰৰ পৰা মুম্বাই অভিমুখে ওভতি যাব এইসকল হজযাত্ৰী ৷