লখিমপুৰ মেডিকেল কলেজ হাস্পতালৰ মূলগেটত এছ ইউ চি আইৰ প্ৰতিবাদ
লখিমপুৰ মেডিকেল কলেজৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত বুধবাৰে এছ ইউ চি আইয়ে গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে(SUCI protest in Lakhimpur) । লখিমপুৰ মেডিকেল কলেজ আৰু হাস্পতালৰ(Lakhimpur Medical College and Hospital) বিভিন্ন সমস্যা সমাধানৰ দাবীত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে এছ ইউ চি আইৰ লখিমপুৰ জিলা শাখাই ৷ প্ৰতিবাদকাৰীসকলে হাস্পতালখনৰ মূল গেটত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি শিশু আৰু মাতৃ ৱাৰ্ডত বিছনাৰ সংখ্যা বঢ়াই দিয়া, প্ৰতিটো বিভাগতে পৰ্যাপ্ত ঔষধৰ যোগান ধৰা আদি বিভিন্ন দাবী পূৰণৰ কাৰণে চৰকাৰক দাবী জনায় ৷ তেওঁলোকে এই সন্দৰ্ভত হাস্পতালখনৰ অধীক্ষকক এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে । স্মাৰক পত্ৰত শিশু-মাতৃ ৱাৰ্ডসহ সকলো ৱাৰ্ডতে পৰ্যাপ্ত খোৱাপানী যোগান ধৰা, ঔষধৰ যোগান পৰ্যাপ্ত কৰা, ২৪ ঘন্টাই সেৱা দিব পৰা শক্তিশালী জেনেৰেটৰ ব্যৱস্থা কৰা, এম আৰ আই, চিটি স্কেন, এক্সৰে আদি বিভিন্ন যন্ত্ৰপাতি কলেজখনতে স্থাপন কৰাৰ বাবে দাবী জনায় ।