অসম

assam

ডিব্ৰুগড় খনিকৰ জগন্নাথ মন্দিৰত ৰথ যাত্ৰা

By

Published : Jul 1, 2022, 10:48 PM IST

হাজাৰ হাজাৰ ভক্তৰ সমাগমেৰে মুখৰিত হ’ল ডিব্ৰুগড় খনিকৰৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ(Rath yatra celebration at Jagannath Temple of Dibrugarh) । ক'ভিডসৃষ্ট পৰিবেশৰ বাবে বিগত দুটা বৰ্ষৰ অন্তত শুকুৰবাবে অনুষ্ঠিত কৰা হয় শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথ যাত্ৰা ৷ জগন্নাথ সাংস্কৃতিক ন্যাসৰ দ্বাৰা দিনজোৰা কাৰ্যসূচীৰে উদযাপন হোৱা এই ৰথ যাত্ৰাত জগন্নাথ মন্দিৰত ভোৰ তালৰ শব্দ আৰু হাজাৰ হাজাৰ ভক্তৰ হৰিধ্বনিৰে মুখৰিত হৈ পৰিল ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ ৰথ যাত্ৰা । মহাপ্ৰভু জগন্নাথক ডিব্ৰুগড় কছাৰীবাৰীস্থিত আউনীআটী সত্ৰলৈকে আনি পুনৰ মন্দিৰ প্ৰাংগণলৈ ঘূৰাই লৈ যোৱা হ'ব বুলি উল্লেখ কৰে উদ্যোক্তাসকলে । উল্লেখযোগ্য যে, ডিব্ৰুগড়ত স্থাপিত হোৱা এই মন্দিৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা পৰিলক্ষিত হয় । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্তৰ লগতে দেশ-বিদেশৰ ভক্তই প্ৰতিদিনে ভিৰ কৰেহি ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰত ৷

TAGGED:

ABOUT THE AUTHOR

...view details