তৃতীয় দিনাও গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ ব্যাপক সমাগম
৩০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈছে অসম প্ৰকাশন পৰিষদৰ ৩৩ সংখ্যক গ্ৰন্থমেলা ৷ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত ১২ দিনীয়াকৈ অনুষ্ঠিত হোৱা গ্ৰন্থমেলাত অংশ গ্ৰহণ কৰিছে ১১৭ টা দেশী-বিদেশী প্ৰকাশক গোষ্ঠীয়ে ৷ প্ৰকাশন পৰিষদৰ এইবাৰৰ গ্ৰন্থমেলাত ৰাজ্যৰ দুজনকৈ প্ৰসিদ্ধ সাহিত্যিকক দিয়া হ’ব জীৱন যোৰা সাধনা বঁটা ৷ ইয়াৰ বাবে পৰিষদে বাচনি কৰি উলিয়াইছে ২০১৯ ৰ জীৱন যোৰা সাধনাৰ বাবে বিশিষ্ট সংস্কৃত পণ্ডিত ডঃ থানেশ্বৰ শৰ্মা আৰু ২০২০ বৰ্ষৰ জীৱন যোৰা সাধনা বঁটাৰ বাবে বিশিষ্ট ভাষাবিদ তথা কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডঃ ৰমেশ পাঠকক ৷