অসম

assam

খোজ কাঢ়িলেই চাৰ্জ হ’ব আপোনাৰ ম’বাইল

By

Published : May 1, 2022, 9:34 PM IST

মানুহ, পশু-পক্ষী, জীৱ জন্তু সকলোৰে বাবে কিবা এটা কৰাৰ দুৰ্বাৰ হেঁপাহ এজন যুৱ উদ্ভাৱকৰ । এই হেঁপাহৰ বাবে বিভিন্ন জনৰ সুবিধা হোৱাকৈ এটাৰ পিছত আন এটা যন্ত্ৰ উদ্ভাৱন কৰি গৈছে তেওঁ । যুৱ উদ্ভাৱক গৰাকীৰ নাম ড৹ জ্ঞানোজ্বল বৰ শইকীয়া (Young innovator Dr Gyanojal Bar Saikia)। বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ধলপুৰ বড়ি গাঁৱৰ জ্ঞানোজ্বলে এইবাৰ প্ৰস্তুত কৰি উলিয়াইছে ম’বাইল চাৰ্জ দিব পৰা এক বিশেষ যন্ত্ৰ (New technical Mobile charger innovation)। যাৰ সহায়ত খোজ কাঢ়ি গ'লেই সম্পূৰ্ণ হ'ব এনৰইড ফোনৰ বেটাৰীৰ চাৰ্জ । কোনো অসুবিধা নোহোৱাকৈ খোজকাঢ়ি গৈ থাকোতেও ম’বাইল চাৰ্জত দিব পাৰিব ৷ নাইবা খোজকঢ়াৰ পিছত ঘৰত আহিও ম’বাইল দিব পাৰিব চাৰ্জত । খোজ কাঢ়োতে ক্ষয় হোৱা শক্তিক সঞ্চয় কৰিবৰ বাবে এই বিশেষ ডিভাইচটোত সংযুক্ত হৈ আছে বেটাৰী । সেই বেটাৰীৰ পৰাই যিকোনো সময়তে দিব পাৰিব চাৰ্জ । পূৰ্বতেও দিব্যাংগ সকলৰ বাবে বিশেষ চশমা, চেনিটাইজিং ৰবট, জীৱ-জন্তুৰ বাবেও বিভিন্ন আহিলা আদি প্ৰস্তুত কৰা এইগৰাকী যুৱ উদ্ভাৱক জ্ঞানোজ্বল বৰশইকীয়াৰ এই নৱতম উদ্ভাৱনে আশাৰ সঞ্চাৰ কঢ়িয়াইছে বহুজনৰ বাবে ।

ABOUT THE AUTHOR

...view details