অসম

assam

ETV Bharat / videos

ক'ভিড SOP ত শিথিলতা আনিলে জিলা প্ৰশাসনে

By

Published : Jul 15, 2021, 10:14 PM IST

ৰাজ্যৰ বহু কেইখন জিলাত বৰ্তমানেও অব্যাহত আছে ক'ভিডৰ সংহাৰী ৰূপ ৷ ইয়াৰ মাজত যোৰহাট জিলাও অন্যতম ৷ শেহতীয়াকৈ যোৰহাট জিলাখনত প্ৰশাসনে সম্পূৰ্ণ লক-ডাউন লাঘু কৰি ৰাখিছিল যদিও শুকুৰবাৰৰ পৰা এই ক্ষেত্ৰত কিছু শিথিলতাৰ ব্যৱস্থা কৰিছে যোৰহাট জিলা প্ৰশাসনে ৷ ৰাইজৰ সুবিধাৰ্থে এই শিথিলতাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে ৷ 16 জুলাই,শুকুৰবাৰৰ পৰা জাৰি হ'ব লগীয়া সাল-সলনি সমূহ হৈছে এনেধৰণৰ- 1. আলু আৰু পিঁয়াজৰ পাইকাৰী দোকান সমুহ পুৱা 5 বজাৰ পৰা 12 বজালৈ খুলি দিয়া হৈছে ৷ 2. মেডিকেলৰ উদ্দেশ্যেত থকা ই-কমাৰ্চ খোলা থাকিব ৷ 3. সুলভ মূল্যৰ দোকান সমূহ দিনৰ 2 বজালৈ খোলা থাকিব ৷ 4. গ্ৰাম্য অঞ্চলত গেলা মালৰ দোকান সমূহ পুৱা 6 বজাৰ পৰা দিনৰ 2 বজালৈ খোলা থাকিব ৷ 5. নগৰৰ লগতে উপকণ্ঠ অঞ্চলত হোম ডেলিভাৰী ব্যৱস্থা কৰা হৈছে ৷ শাক পাচলি আৰু ফল মূল হোম ডেলিভাৰী দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷ 6. ৰেলৱে ৰেকৰ মাল বস্তু সমূহ আনলোড কৰিব পাৰিব ৷ বাকী পূৰ্বৰ সকলো নিষেধাজ্ঞা বলবৎ থাকিব ৷ অৰ্থাৎ যদিও ওপৰত উল্লেখিত সমূহত শিথিলতাৰ ব্যৱস্থা কৰা হৈছে তথাপি 24 ঘন্টাই কাৰ্ফিউ বলবৎ থাকিব ৷ এই কথা সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে যোৰহাটৰ জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে ৷

ABOUT THE AUTHOR

...view details