বেকী নৈৰ সংহাৰী ৰূপ - সাহাৰ্য
কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় কুৰিখন গাঁও বেকী নদীৰ বানপানীয়ে প্লাৱিত কৰাৰ ফলত বানাক্ৰান্তৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। জনীয়া সমষ্টিৰ বিজেপি নেতা লাল মাহমুদুৰ ৰহমানে বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি বন্যাৰ্তৰ মাজত চিৰা, চেনী, খোৱাপানী আদি ত্ৰাণ সামগ্ৰী বিতৰণ কৰে।