অসম

assam

100 কিলোগ্ৰাম ওজনৰ কেক কাটি উদযাপন কৰিলে পোহনীয় কুকুৰটোৰ জন্মদিন

By

Published : Jun 23, 2022, 7:30 PM IST

জন্মদিন ৷ সকলোৰে বাবে এই দিনটো যেন বিশেষ ৷ কিন্তু আজিকালি কেৱল মানুহেই জন্মদিন পালন কৰে তেনে নহয় ৷ মানুহৰ সমান্তৰালকৈ তেওঁলোকৰ পোহনীয়া মৰমলগা জন্তুবোৰৰো ভিন্নশৈলীৰে জন্মদিন পালন কৰে ৷ এইবাৰ কৰ্ণাটকৰ বেলাগাভি জিলাৰ মুদালাগি তালুকৰ টুক্কানাট্টি (Tukkanatti village in Moodalagi Taluk of Belagavi district) গাঁও পঞ্চায়তৰ এজন সদস্যই তেওঁৰ পোহনীয়া কুকুৰটোৰ জন্মদিনটো 100 কিলোগ্ৰাম ওজনৰ কেক কাটি উদযাপন কৰে (Village panchayat member celebrated his pet dog's birthday by cutting a 100 kg ) ৷ কেক কটাৰ পিছত গাঁও পঞ্চায়তৰ সদস্য শিৱাপ্পা য়ালাপ্পা মাৰ্ডিৰ কুকুৰটোকলৈ এক শোভাযাত্ৰাও উলিওৱা হয় ৷ জন্মদিনত উপস্থিত থকা গাঁওখনৰ 5,000 লোকৰ বাবে 3 কুইণ্টল মুৰ্গীৰ মাংস, 1 কুইণ্টল কণী আৰু নিৰামিষভোজীসকলৰ বাবে 50 কিলোগ্ৰাম নিৰামিষ আহাৰৰ ব্যৱস্থা কৰা হৈছিল । পিছে কি কাৰণে এই কুকুৰটোৰ জন্মদিন ইমান বিশাল আয়োজনেৰে উদযাপন কৰা হয় সেই কথা জানিলে আপোনাৰ চকু কপালত উঠিব ৷ কুকুৰৰ গৰাকী শিৱাপ্পা মাৰ্ডি (Dog owner Shivappa Mardi) বিগত 20 বছৰ ধৰি স্থানীয় গাঁও পঞ্চায়তৰ সদস্য হৈ আছে । এবাৰ এজন নতুন সদস্যই তেওঁৰ জন্মদিনত পুৰণি সদস্যসকলক অপমান কৰি তেওঁলোকৰ কাৰ্যকালত কুকুৰৰ দৰে খাইছিল বুলি মন্তব্য কৰিছিল । শিৱাপ্পাই সেই সদস্যজনৰ মন্তব্যৰ উত্তৰ দিবলৈ নিজৰ মৰমৰ কুকুৰটোৰ জন্মদিনৰ দিনা এক বিশাল আয়োজনৰে উদযাপন কৰে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details