অসম

assam

ETV Bharat / videos

ৰাজ্যত অব্যাহত ভয়াৱহ বান পৰিস্থিতি, নাই ভাত, নাই পানী

By

Published : Jul 16, 2019, 12:04 AM IST

বৰ্তমানেও অপৰিৱৰ্তিত অৱস্থাত আছে ৰাজ্যৰ বান পৰিস্থিতি । ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপনৈ সমূহৰ জলস্তৰ ভয়ংকৰভাৱে বৃদ্ধি পোৱাত এতিয়াও জলমগ্ন হৈ আছে বান বিধ্বস্ত অঞ্চল সমূহ । যোৰহাট জিলাৰ টীয়কত বাঢ়নী পানীয়ে টীয়ক জাঁজীমুখকে ধৰি টীয়ক আৰু পূৱ যোৰহাট ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ৮০ খন গাঁও প্লাৱিত কৰাৰ লগতে প্ৰায় ডেৰশ হেক্টৰ কৃষি ভূমি পানীত ডুব গৈছে । একেদৰে যোৱা কেইবাদিনো ধৰি বানত বিধ্বস্ত হৈ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্য জীৱ জন্তুৰ বিলৈ বিপত্তি অন্ত নোহোৱা হৈছে । ৰাষ্ট্ৰীয় উদ্যানখন সম্পূৰ্ণ ৰূপে জলমগ্ন হৈ পৰাত খাদ্যৰ লগতে নিৰাপদ আশ্ৰয়ৰ সন্ধানত হাহাকাৰ কৰিব লগা হৈছে বন্য জীৱ-জন্তুৱে । মাজুলী আৰু লখিমপুৰতো একেই পৰিস্থিতি । নদীদ্বীটোৰ প্ৰায় শতাধিক গাঁৱৰ ৭৮,৫৬৭ জন লোক অত্যাধিকভাৱে ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰোপৰি শালমৰা অঞ্চলত বানপীড়িত প্ৰায়বোৰ পৰিয়ালেই ভাইৰেল ফেভাৰত আক্ৰান্ত হৈছে । লগতে বিশুদ্ধ খোৱা পানীৰ অভাৱত নদীৰ পানী গৰম কৰি খাব লগাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে বানপীড়িত ৰাইজৰ মাজত । ইফালে লখিমপুৰত ৰঙানদীৰ বানে ঠিকনা হেৰুৱালে হাজাৰ হাজাৰ পৰিয়ালৰ । ভোকে পিয়াহে মাথাউৰিৰ ওপৰতে বিগত এক সপ্তাহ ধৰি আশ্ৰয় লৈ আছে বানাক্ৰান্তই ।

ABOUT THE AUTHOR

...view details