অসম

assam

ETV Bharat / videos

জয়ৰ পাচত কেনেধৰণৰ সপোন পূৰণ কৰিব ৰমাকান্ত দেউৰীয়ে?

By

Published : May 6, 2021, 11:24 AM IST

দ্বিতীয়বাৰৰ বাবে 80 নং মৰিগাঁও বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত জয়লাভ কৰিছে বিজেপি প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়ে ৷ সদ্য ঘোষিত বিধানসভা নিৰ্বাচনৰ ফলাফলত 35,816 টা ভোটৰ ব্যৱধানত নিকটতম অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী বাণীকান্ত দাসক পৰাভূত কৰি পুনৰ দিছপুৰলৈ যোৱাৰ পথ প্ৰশস্ত কৰিলে ৰমাকান্ত দেউৰীয়ে । এই ফলাফলৰ পাচতে নিজৰ অনুভৱ ব্যক্ত কৰিলে বিজয়ী প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়ে ৷ প্ৰথমবাৰৰ বাবে তেওঁ মনত পুহি ৰখা সপোন আৰু নিৰ্বাচনী সফলতা-বিফলতাৰ কথা ব্যক্ত কৰিলে ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰযোগে ৷ আনহাতে, তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰে দন্দুৱা জিলা পৰিষদৰ বিজেপি সদস্যা মুধূৰীমা গোস্বামীয়ে ৷ মৰিগাঁও সমষ্টিৰ পৰা সকলো জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলো ৰাইজে ৰমাকান্ত দেউৰীক জনাদেশ প্ৰদানৰে জয়ী কৰাৰ বাবে বিশেষকৈ মৰিগাঁও সমষ্টিৰ দন্দুৱা জিলা পৰিষদ এলেকাৰ ৰাইজক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে দলীয় সদস্যাগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details