সদৌ অসম কৈৱৰ্ত যুৱ-ছাত্ৰ সন্মিলনৰ প্ৰতিষ্ঠা দিৱস উদযাপন
সদৌ অসম কৈৱৰ্ত যুৱ-ছাত্ৰ সন্মিলন (All Assam Kaivarta Yuva Chhatra Sammilan)ৰ তিনিচুকীয়া জিলা সমিতি আৰু ফিল'বাৰী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু কেন্দ্ৰীয় সমিতিৰ সহযোগত তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ উদয়পুৰ গাঁওস্থিত সতী ৰাধিকা সমন্বয় ক্ষেত্ৰত সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ একাদশ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় (Establish day of All Assam Kaivarta Yuva Chhatra Sammilan)। দুদিনীয়াকৈ আয়োজিত প্ৰতিষ্ঠা দিৱসৰ শনিবাৰৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত এক বাৰেবৰণীয়া সাংস্কৃতিত শোভাযাত্ৰাও উলিওৱা হয় । সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ জনপ্ৰিয় অভিনেত্ৰী ৰিচা ছেত্ৰী (Actress Richa Chatri)য়ে অংশগ্ৰহণ কৰে । শনিবাৰে বিয়লি কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জয়ন্ত দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত স্মৃতি গ্ৰন্থ লৌহিত্য পুৰ উন্মোচন কৰে অৰুণ জ্যোতি মৰাণে । এই সভাতেই সদৌ অসম কৈৱৰ্ত যুৱ-ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা আগবঢ়োৱা ২০২১ বৰ্ষৰ বনকোঁৱৰ আনন্দিৰাম দাস সোঁৱৰণী জীৱন জোৰা সাধনা বঁটা (Bankonwar Anandiram Das memorial lifetime achievement award 2021) অসমীয়া লোক সংস্কৃতিৰ সাধক মাধৱ কৃষ্ণ দাসক প্ৰদান কৰা হয় ।