নাহৰকটীয়াত ক’ভিড-19 ৰ গণ সংক্ৰমণ
ৰাজ্যত অতি দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ'ণাৰ দ্বিতীয় লহৰৰ সংক্ৰমণ । নাহৰকটীয়াতো দিনক দিনে বৃদ্ধি পাব ধৰিছে কৰ'ণা আক্ৰান্তৰ সংখ্যা । বিগত এপ্ৰিল মাহত নাহৰকটীয়াত ১৯২ গৰাকী লোক ক'ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে বিগত ২৪ ঘন্টাৰ সৰ্বাধিক ২০ জনকৈ লোক কৰ'ণাত আক্ৰান্ত হৈছে । ইয়াৰে অধিকাংশ লোক চাহ বাগিছা আৰু গ্ৰাম্যাঞ্চলৰ লোক বুলি জানিব পৰা গৈছে । বিগত বৰ্ষৰ তুলনাত এইবাৰ নাহৰকটীয়াৰ বিভিন্ন বাগিছাত ক'ভিডত আক্ৰান্তৰ সংখ্যা অতি ভয়াৱহভাবে বৃদ্ধি পোৱাত উদ্বেগ প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগে । নাহৰকটীয়াৰ বাগিছা আৰু গ্ৰাম্যাঞ্চলত ক'ভিডৰ হাৰ বৃদ্ধি পোৱাত এতিয়া নাহৰকটীয়াৰ ক'ভিডৰ ভয়াৱহ সংক্ৰমণ হোৱাৰ কথা ব্যক্ত কৰিছে নাহৰকটীয়া সামূহিক চিকিৎসালয়ৰ উপ-অধীক্ষক ডাঃ জ্যোতি শ্যামে ৷