অসম

assam

ETV Bharat / videos

ভোট গণনাৰ বাবে সাজু শিৱসাগৰ জিলা প্ৰশাসন

By

Published : May 1, 2021, 9:42 PM IST

দেওবাৰে অনুষ্ঠিত হ’বলগীয়া ভোট গণনাৰ বাবে সাজু হৈছে শিৱসাগৰ জিলা প্ৰশাসন । শিৱসাগৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোট গণনা কেন্দ্ৰত পুৱা আঠ বজাৰ পৰা আৰম্ভ হ’ব ভোট গণনাৰ প্ৰক্ৰিয়া । ভোট গণনা প্ৰক্ৰিয়াৰ বাবে সম্পূৰ্ণৰূপে সাজু কৰি তোলা শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোট গণনা কেন্দ্ৰটোত শিৱসাগৰৰ মুঠ তিনিটা সমষ্টিৰ ভোটগণনা কৰা হ’ব । উল্লেখ্য যে, শিৱসাগৰ, আমগুৰি আৰু থাওৰা এই তিনিটা সমষ্টিৰ ভোটগণনা অনুষ্ঠিত হব এই কেন্দ্ৰটোত । তিনিওটা সমষ্টিত মুঠ ১৪ গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত নিৰ্ণয় হ’ব দেওবাৰৰ দিনটোত ৷

ABOUT THE AUTHOR

...view details