ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত সন্দেহজনক লোকৰ বেদখল - ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভূমি দখল কৰাৰ তথ্য
গৰুখুটিত চলা শেহতীয়া উচ্ছেদ অভিযানক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে শুকুৰবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অবৈধভাৱে বসতি কৰি থকা দহটা পৰিয়ালক উচ্ছেদ কৰিলে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ এটা বনৰক্ষী দলে ৷ শ শ লোকে দীৰ্ঘদিন ধৰি উদ্যান খনৰ একাংশ অঞ্চল বেদখল কৰাৰ পিছত যোৱা তিনি চাৰিদিনত পুনৰ ন ন লোকে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভূমি দখল কৰাৰ তথ্য লাভ কৰিছিল বন বিভাগে ৷ উক্ত তথ্যৰ ভিত্তিতে শুকুৰবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ এটা বনৰক্ষীৰ দলে উদ্যানখনৰ ভিতৰৰ শনি চৰৰ ওচৰৰ ৰণাই টাপুত দহটা পৰিয়াল উচ্ছেদ কৰে ৷ এই লোকসকল গৰুখুটিৰ উচ্ছেদিত লোক হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে মঙলদৈ বন্যপ্ৰাণী সংমণ্ডলৰ বন বিষয়া প্ৰদীপ্ত বৰুৱাই ৷