অসম

assam

ETV Bharat / videos

Road accident in Tingkhong: ভনিয়েকৰ খবৰ ল’বলৈ গৈ টিংখাঙত পথ দুৰ্ঘটনাত কৰুণ মৃত্যু ভাতৃসহ বন্ধুৰ

By

Published : Dec 20, 2022, 5:49 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা (Road accident in Tingkhong) ৷ দুৰ্ঘটনাত কৰুণ মৃত্যু দুই যুৱকৰ ৷ সোমবাৰে নিশা টিংখাঙৰ সৰুজিনী চাহ বাগিচাৰ সমীপত মৰাণ নাহৰকটীয়া ৰাজ্যিক ঘাইপথৰ ওপৰত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ দুঘৰ্টনাত মৃত্যু হয় নাহৰকটীয়া চাচনীৰ বিপুল গগৈৰ পুত্ৰ দাদু গগৈ আৰু তেওঁৰ বন্ধু নাহৰকটীয়া ন-গাঁৱৰ মনোজ কোঁৱৰ ৷ ঘটনাৰ বিৱৰণী অনুসৰি, দাদুৰ ভনীয়েক কেইদিনমান পূৰ্বে টিংখাঙৰ টিপমীয়া গাঁৱলৈ বিয়া হৈ আহিছিল । ভনিয়েকৰ খবৰ ল’বলৈ আহি ঘূৰি যোৱাৰ পথতেই সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাগ্ৰস্ত পালচাৰ বাইকখনৰ নম্বৰ AS06AE9542 (Pulsar Bike accident in Tingkhong) ৷ তীব্ৰ বেগেৰে যোৱাৰ বাবেই এটা কেকুৰীত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে (Bikers died in road accident in Tingkhong) । যিহেতু দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত সেই স্থানত কোনো লোক উপস্থিত নাছিল, গতিকে দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল সেয়া বৰ্তমানলৈকে স্পষ্ট হোৱা নাই ৷ ঘটনাস্থলীত নিশায়ে ৰাজগড় আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি ৰাজগড় সামূহিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

...view details