TMC protest in Guwahati :মূল্যবৃদ্ধিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ
গুৱাহাটী, ৮ আগষ্ট:মূল্যবৃদ্ধিৰ প্ৰতিবাদক পুনৰ কঁপি উঠিল মহানগৰী । মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছে মঙলবাৰে গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । অসম তৃণমূল কংগ্ৰেছৰ সদস্যসকলে হেঙেৰাবাৰীত থকা কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মূখত মানৱ শৃংখল গঢ়ি তুলি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দিয়ে ।
এই কাৰ্যসূচী অংশ গ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ,ফেষ্টুন লৈ মূল্যবদ্ধি ৰোধ কৰক,মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা বিজেপি চৰকাৰ হায় হায়,বিজেপি চৰকাৰ হায় হায় "বজাৰত জুই চাই দাম-জয় শ্ৰীৰাম জয়শ্ৰী ৰাম",ঔষধৰ দাম হাতীৰ সমান দাম-জয় শ্ৰীৰাম জয় শ্ৰীৰাম আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে ।
পিচত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰি আৰক্ষীয়ে বাছত উঠাই নিয়ে । উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰা দলৰ ৰাজ্য়িক সভাপতি ৰিপুন বৰা আৰু দিলীপ কুমাৰ শৰ্মাক আৰক্ষীয়ে চোঁচৰাই নিয়ে । ৰিপুন বৰা আৰু দিলীপ কুমাৰ শৰ্মাই বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি আৰক্ষীৰ ভূমিকাক ধিক্কাৰ দিয়ে ।
লগতে পঢ়ক :AASU Protest in Lakhimpur: মূল্যবৃদ্ধি ৰোধৰ দাবীত লখিমপুৰত আছুৰ অনশন কাৰ্যসূচী
TAGGED:
TMC protest in Guwahati