অসম

assam

ৰাহুল গান্ধীৰ মাজুলী ভ্ৰমণক লৈ প্ৰস্তুতি তুংগত মাজুলী জিলা কংগ্ৰেছৰ

ETV Bharat / videos

ৰাহুল গান্ধীৰ মাজুলী ভ্ৰমণক লৈ প্ৰস্তুতি তুংগত মাজুলী জিলা কংগ্ৰেছৰ

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 9:53 AM IST

মাজুলী, 19 জানুৱাৰী :আজি মাজুলীত উপস্থিত হ’ব কংগ্ৰেছ নেতা ৰাহুল গান্ধী । ৰাহুল গান্ধীয়ে মণিপুৰৰ পৰা আৰম্ভ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰাই শুকুৰবাৰে প্ৰৱেশ কৰিব মাজুলীত । জানিব পৰা মতে, পুৱা আফলামুখ পাৰঘাটত কংগ্ৰেছ নেতা ৰাহুল গান্ধী উপস্থিত হ’ব বুলি কংগ্ৰেছ কৰ্মীসকলে জানিবলৈ দিয়ে । 

মাজুলী জিলা কংগ্ৰেছে জনোৱা অনুসৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধী মাজুলীৰ অফলামুখ পাৰঘাটত উপস্থিত হোৱাৰ লগে মাজুলী জিলা কংগ্ৰেছৰ প্ৰায় 2000 কৰ্মীয়ে নেতাজনক আদৰণি জনাব আৰু ৰাহুল গান্ধীৰ সৈতে যাত্ৰাত অংশগ্ৰহণ কৰিব । ইয়াৰ পাছত ৰাহুল গান্ধীয়ে কমলাবাৰী চাৰিআলিত ৰাইজৰ সৈতে মজ বিনিময়ত ভাগ ল’ব ৷ ইয়াত প্ৰায় 7000 লোকে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে । 

ইয়াৰ পিচত কংগ্ৰেছ নেতাগৰাকী আউনিআটী সত্ৰলৈ গৈ তাত সত্ৰৰ সত্ৰাধিকাৰৰ সৈতে মত বিনিময় কৰিব আৰু ইয়াৰ পিচতে কংগ্ৰেছ নেতাগৰাকীয়ে গড়মূৰ হৈ জেংৰাইমুখ অভিমুখে গৈ তাত ৰাইজৰ লগত মিলিত হ’ব ৷ এই কাৰ্যসূচীৰ পাছতে কংগ্ৰেছ নেতাগৰাকী মাজুলীৰ পৰা বিদায় ল’ব বুলি মাজুলী কংগ্ৰেছে জনাইছে ।

লগতে পঢ়ক:ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা : মৰিয়নীত বাধা, যোৰহাটত গোচৰৰ লগতে ব্যাপক জনসমৰ্থন

ABOUT THE AUTHOR

...view details