Illegal Marriage in Kaliabor: বিহাৰৰ পৰা বিয়া পাতিবলৈ আহি অসমত গ্ৰেপ্তাৰ হ’ল দৰাসহ পূজাৰী
চামগুৰি,2 জুলাই: এইবাৰ বিবাহস্থলীৰ পৰা আৰক্ষীয়ে আটক কৰিলে পূজাৰী আৰু দৰাক ৷ এই ঘটনা সংগঠিত হৈছে চামগুৰিত ৷ জানিব পৰা মতে অসমলৈ বিয়া পাতিবলৈ আহিছিল বিহাৰৰ দুজনকৈ লোক ৷ বিহাৰৰ পৰা অহা বিজয় ৰাজ নামৰ বিবাহিত যুৱকজনে বিবাহৰ বাবে কলিয়াবৰৰ এখন চাহ বাগিচাত উপস্থিত হৈছিল আৰু বিয়াৰ বাবে তেওঁৰ লগত অহা মন্দিৰৰ পূজাৰীক ঘটকৰূপে নিয়োজিত কৰে ৷
ঘটকৰূপী পূজাৰী গৌতম গিৰিৰ সৈতে মিলি বিজয় ৰাজ নামৰ যুৱকজনে অবৈধ বিবাহৰ বাবে যো-জা চলাওঁতেই চামগুৰি আৰক্ষীয়ে খবৰৰ ভিত্তিত জখলাবন্ধা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োকে ।
চামগুৰি আৰক্ষী চকীৰ অন্তৰ্গত এগৰাকী যুৱতীক বিয়া পাতিবলৈ আহিছিল বিজয় ৰাজ নামৰ যুৱক জনে ৷ যুৱকজনৰ লগত আহিছিল মোমায়েক তথা পূজাৰীৰূপী গৌতম গিৰি ৷ কিন্তু আৰক্ষীৰ তৎপৰতাত বিজয় ৰাজ আৰু মোমায়েক তথা পূজাৰীৰূপী গৌতম গিৰিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷
লগতে পঢ়ক:Pijush Hazarika: অখিল, লুৰীণ আৰু গৌৰৱ গগৈক কি অনুৰোধ জনালে মন্ত্ৰী পীযূষ হাজৰীকাই ?