অসম

assam

ধেমাজি উন্নয়নখণ্ডৰ অধীনৰ গোঁহাইগাঁও পঞ্চায়ত

ETV Bharat / videos

Poor road communication:পথৰ অভাৱত জলাকলা খাইছে বৰাচিৰা খুটাকানঘাট চাপৰিবাসীয়ে

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 1:17 PM IST

ধেমাজি, ৩১ অক্টোবৰ:চৰকাৰে যাতায়তৰ উন্নয়ন হোৱা বুলি দাবী কৰি থকাৰ সময়তে পথৰ অভাৱত জলা-কলা খাইছে ধেমাজি বৰাচিৰা খুটাকানঘাট চাপৰিবাসীয়ে ৷ অৰণ্যৰোদনত পৰিণত হৈছে ৰাইজৰ দাবী আৰু প্ৰতিবাদ ৷ পদে পদে বিপদৰ আশংকা ৷ বাৰিষা-খৰালি একমাত্ৰ নদী বিধস্ত গৰাই হৈ পৰিছে যাতায়তৰ পথ ৷ বিপদসংকুলভাৱে নদীখনৰ ঘাটত গৰাখহাই থকা অংশৰেই যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে অঞ্চলবাসীয়ে  ৷  

ধেমাজি উন্নয়নখণ্ডৰ অধীনৰ গোঁহাইগাঁও পঞ্চায়তৰ অধীনৰ বৰাচিৰা অঞ্চলৰ বৰাচিৰা নদীৰ খুটাকান ঘাট চাপৰিবাসীয়ে দীৰ্ঘদিন ধৰি পথৰ সমস্যাত দুৰ্ভোগ ভুগি আহিছে যদিও চৰকাৰ তথা সংশ্লিষ্ট বিভাগে দিয়া নাই গুৰুত্ব । পথৰ অভাৱৰ বাবেই বিদ্যালয়লৈ অহা যোৱা কৰোতে কন কন শিক্ষাৰ্থীসকলে বহুবাৰ দুৰ্ঘটনাত পতিত হ'বলগীয়া হৈছে ৷ ৰোগীক ঘৰৰ পৰা ডাংকোলাকৈ নিবলগীয়া হয় পকী পথলৈ ৷  

খৰালিও যাতায়তৰ বাবে কোন বিকল্প পথ নথকাত শেহতীয়াকৈ চৰকাৰী আৱাসগৃহ নিৰ্মাণ কৰিবলৈ যাওঁতে দৰিদ্ৰ হিতাধিকাৰীয়ে মূৰে কপালে হাতদিবলগীয়া হৈছে ৷ কাৰণ ঘৰৰ সামগ্ৰী নিওতে অতিৰিক্ত ধন ব্যয় কৰি বিপদত পৰিবলগীয়া হৈছে । ইপিনে, নদীখনেনেও ক্ৰমান্বয়ে গৰাখহাই পথটো অধিক ভয়াবহ কৰি তুলিছে ৷ সেয়ে স্থানীয় ৰাইজে নদীখনৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ লগতে পথটো নিৰ্মাণ কৰি যাতায়ত সূচল কৰিবলৈ চৰকাৰক দাবী জনাইছে ৷

লগতে পঢ়ক:Dunki Teaser Release date: এই বিশেষ দিনটোত মুক্তি পাব শ্বাহৰুখৰ ডাংকিৰ টিজাৰ

ABOUT THE AUTHOR

...view details