Fake gold seized: ১৩ খন নকল সোণৰ নাওসহ আটক সৰবৰাহকাৰী
বিহপুৰীয়া, 27 মে’: নকল সোণৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ কঠোৰ অভিযান চলি থকাৰ মাজতো এতিয়াও একাংশ অসাধু লোকে অব্যাহত ৰাখিছে নকল সোণৰ সৰবাৰহৰ প্ৰচেষ্টা ৷ এইবাৰ ৰাইজে খেদি খেদি আটক কৰিলে নকল সোণসহ এটা সৰবৰাহকাৰীক (Public Caught Fake Gold Smuggler at Bongalmora) ৷
লখিমপুৰ জিলাৰ বঙালমৰাত ৰাইজে খেদি খেদি আটক কৰিলে নকল সোণসহ সৰবৰাহকাৰীটোক ৷ এখন বলেৰ' পিকআপ গাড়ীত, এটা বস্তুাত ভৰাই মঙলদৈলৈ নিয়াৰ চেষ্টা কৰিছিল নকল সোণৰ নাও আৰু নকল সোণৰ টুকুৰা (Public Caught Fake Gold Smuggler) ৷
ডিজুৰ পৰা আশ্ৰাফুল আলি নামৰ সৰবৰাহকাৰীটোৱে আনিছিল এই বৃহৎ পৰিমাণৰ নকল সোণখিনি (Fake gold seized at Bongalmora in Lakhimpur) ৷ সৰবৰাহকাৰীটোৰ পৰা ১৩ খন নকল সোণৰ নাও আৰু ৬ টা নকল সোণৰ টুকুৰা আৰক্ষীয়ে ৰাইজৰ সহযোগত জব্দ কৰিবলৈ সক্ষম হয় (Fake gold seized) ৷
লগতে পঢ়ক:Fake gold seized: ডবকাত নকল সোণসহ আটক 3 সৰবৰাহকাৰী