অসম

assam

নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়ত আশীষ ল’লে প’লেণ্ডৰ গৱেষক ছাত্ৰই

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 3:42 PM IST

ETV Bharat / videos

Durga Puja at Billeswar Devalaya : নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়ত আশিস ল’লে প’লেণ্ডৰ গৱেষক ছাত্ৰই

নলবাৰী, ২৩ অক্টোবৰ : নলবাৰীৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত প'লেণ্ডৰ গৱেষক ছাত্ৰ । নৱমীত মা দুৰ্গাৰ শ্ৰীচৰণত আশিস ললে ছাত্ৰগৰাকীয়ে । গৱেষণাৰ উদ্দেশ্যে বিগত দুমাহ ধৰি ভাৰতত থকা ছাত্ৰগৰাকী অভিভূত অসমৰ কলা-সংস্কৃতি পৰম্পৰাত । অসমলৈ আহি এক সুকীয়া বৈশিষ্ট্য দেখিবলৈ পাই ছাত্ৰগৰাকী । সাংবাদিকৰ আগত প’লেণ্ডৰ ছাত্ৰগৰাকীয়ে কয় যে ভিন্ন স্থানৰ ভিন্ন উৎসৱসমূহ তেওঁ উপভোগ কৰে আৰু সেইসমূহক তেওঁ শিক্ষাৰ সমল হিচাবে গ্ৰহণ কৰে ৷ আনহাতে যিহেতু বিল্বেশ্বৰ দেৱালয়ত ম’হ বলি দিয়া হৈছে, সেই সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ছাত্ৰগৰাকীয়ে কয় যে যিহেতু এয়া এক পৰম্পৰা গতিকে সেই সম্পৰ্কত তেওঁ একো নকয় ৷

ইফালে নৱমীৰ দিনটোত বিল্বেশ্বৰ দেৱালয়ত উপস্থিত থাকে বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনো ৷ বিধায়ক বৰ্মনে কয় যে অতি পুৰণি দিনৰে পৰা উক্ত দেৱালয়ত দুৰ্গা পূজা তথা বলি প্ৰথা চলি আহিছে ৷ সেয়া ধৰ্মীয় কথা, তাত বাধা দিব নোৱাৰি ৷  

লগতে পঢ়ক:Durga Puja 2023: উখল-মাখল তেজপুৰৰ পূজাথলী, চহা জন-জীৱনৰ লগত ৰজিতা খোৱাই পূজাৰ মণ্ডপ

ABOUT THE AUTHOR

...view details