অসম

assam

গোলাঘাটত জিলা প্ৰশাসন আৰু আৰক্ষীৰ একতা সমদল

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 11:57 AM IST

ETV Bharat / videos

National Unity Day : গোলাঘাটত জিলা প্ৰশাসন আৰু আৰক্ষীৰ একতা সমদল

গোলাঘাট, 31 অক্টোবৰ: আজি চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিন । মহান নেতাগৰাকীৰ জন্ম দিনৰ সৈতে সংগতি ৰাখি গোলাঘাট আৰক্ষীয়ে উলিয়াই একতা সমদল । একতা সমদল আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলা আয়ুক্ত পি উদয় প্ৰবীণে । সমদল উদ্ধোধন কৰি জিলা আয়ুক্ত পি উদয় প্ৰবীণে সংবাদ মাধ্যমক জনাবলৈ দিয়া মতে 15 অক্টোবৰৰ পৰা জিলাখনত ৰাষ্ট্ৰীয় একতা সপ্তাহ অনুষ্ঠিত কৰি আহিছে । 

ইয়াৰ সৈতে সংগতি ৰাখি অমৃত কলহ যাত্ৰা আয়োজন কৰা বিদ্যালয়সমূহত ৰাষ্ট্ৰীয় একতা দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰি আহিছে বুলি জানিবলৈ দিয়ে । মংগলবাৰৰ এই একতা পদযাত্ৰাত অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণ্ময় দাস, অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাস, 155 নং চি আৰ পি এফৰ কামাণ্ডাৰ সোমনাথ মহাৰানা আদিকে ধৰি এন চি চিৰ কেডাৰসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:National Unity Day : অসম আৰক্ষীৰ উদ্যোগত মহানগৰীত পালন ৰাষ্ট্ৰীয় একতা দিৱস

ABOUT THE AUTHOR

...view details