অসম

assam

তিনিচুকীয়া কেন্দ্ৰীয় কৰম সন্মিলনৰ লাইখুঁটা স্থাপন শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ

ETV Bharat / videos

Tinsukia Central Karam Sanmilan: তিনিচুকীয়া কেন্দ্ৰীয় কৰম সন্মিলনৰ লাইখুঁটা স্থাপন শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 5:56 PM IST

তিনিচুকীয়া, ১৯ ছেপ্টেম্বৰ: তিনিচুকীয়াৰ চলিহা নগৰ খেলপথাৰত ৩০ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত দুদিনীয়াকৈ আয়োজন কৰা হৈছে দ্বাদশবাৰ্ষিক কেন্দ্ৰীয় কৰম সন্মিলন ৷ কেন্দ্ৰীয় কৰম সন্মিলনৰ লাইখুঁটা মঙলবাৰে স্থাপন কৰা হয় ৷ কেন্দ্ৰীয় মন্ত্ৰী সঞ্জয় কিষাণে স্থাপন কৰে কৰম সন্মিলনৰ এই লাইখুঁটা ৷

কেন্দ্ৰীয় কৰম সন্মিলনৰ লগত সংগতি ৰাখি উদ্যোক্তাসকলে বিভিন্ন অনুষ্ঠান তথা প্ৰতিযোগিতাৰ আয়োজন কৰিছে ৷ দ্বাদশ বাৰ্ষিক কৰম সন্মিলনত ৰাজ্যৰ বহুকেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীক সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে ৷ সমান্তৰালভাৱে দলীয় ঝুমুৰ নৃত্য প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দলটিক ৫০,০০১ টকাৰে পুৰস্কৃত কৰা হ’ব ৷

গতিকে দুদিনীয়াকৈ আয়োজন কৰা উক্ত কৰম সন্মিলনত সমূহ ৰাইজ তথা সংস্কৃতিপ্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তামণ্ডলীয়ে ৷

লগতে পঢ়ক:Karam Festival 2023: ওদালগুৰিৰ মাজুলী চাহ বাগিচাত দ্বিতীয় বাৰ্ষিক কৰম উৎসৱ উদযাপন

ABOUT THE AUTHOR

...view details