Assam Flood: প্ৰতিখন জিলাৰ আয়ুক্তক ১৮৫ কোটি টকাকৈ পুঁজি মোকলাই দিছে ৰাজ্য চৰকাৰে
বৰপেটা, ২৩ জুন:বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে বৰপেটাত উপস্থিত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন ৷ বজালীৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শনৰ পিচতে বৰপেটাত উপস্থিত হৈ ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহনে শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত সাংবাদিকৰ আগত মন্তব্য কৰে ৷
বানত ক্ষতিগ্ৰস্তক সাহায্যৰ বাবে ৰাজ্য চৰকাৰে লৈছে বিশেষ পদক্ষেপ ৷ বানাক্ৰান্তক তাৎক্ষণিক সাহায্যৰ বাবে আগতীয়াকৈ প্ৰতিখন জিলাৰ আয়ুক্তক ১৮৫ কোটি টকাকৈ পুঁজি মোকলাই দিছে ৰাজ্য চৰকাৰে ৷ ইয়াৰ ফলত বান সাহায্য প্ৰদান আৰু পৰিস্থিতি চম্ভালাত যথেষ্ট সুবিধা হ’ব ৷ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে চলিত বানত ৰাজ্যৰ ২০ খন জিলা ক্ষতিগ্ৰস্ত হৈছে ৷ এই জিলা সমূহৰ ভিতৰত ৰাজ্যৰ মুঠ ৫৮ টা ৰাজহ চক্ৰ বানৰ কবলত পৰিছে ৷ এতিয়ালৈকে ৰাজ্যৰ প্ৰায় ৪ লাখ ৭৫ হাজাৰ লোক বানত ক্ষতিগ্ৰস্ত হৈছে ৷ বানত ভাগি গৈছে ৮ টা মথাউৰি ৷
ইপিনে বানৰ ফলত সৃষ্টি হোৱা পশু খাদ্যৰ নাটনিৰ কথা উল্লেখ কৰি পশু খাদ্যৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰে মন্ত্ৰী যোগেন মহনে ৷ এইবাৰৰ বানত বজালীত যথেষ্ট ক্ষতি হোৱাৰ বিপৰীতে বৰপেটাত বানৰ বিশেষ প্ৰভাৱ নপৰা বুলিও কয় মন্ত্ৰীগৰাকীয়ে । অৱশ্যে বৰপেটাত বানত ৪৮ হাজাৰ লোক আক্ৰান্ত হৈছে আৰু চাৰিটা আশ্ৰয় শিবিৰ মুকলি কৰা হৈছে বুলিও মন্ত্ৰীজনে সদৰী কৰে ।