অসম

assam

By

Published : Oct 31, 2022, 8:28 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

ETV Bharat / videos

Miching Community Language Recognition Day: দিখৌমুখত ৩৭ তম মিছিং ভাষা স্বীকৃতি দিৱসৰ উদযাপন

সোমবাৰে আমগুৰিৰ দিখৌমুখত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৩৭ তম মিচিং ভাষা স্বীকৃতি দিৱসৰ উদযাপন কৰা হয় (Miching community 37th language recognition day) ৷ ন-দিখৌমুখ আলিমুৰ মৌৰং প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত মিচিং জনগোষ্ঠীৰ ভাষা-সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত বিশদ আলোচনা হয় । মিচিং আগম কেবাং আৰু মিচিং আৰল' ডৰবে উদ্যোগত অনুষ্ঠিত সভাত মিচিং নৃত্য আৰু গুমৰাগ নৃত্য (Mising Dance and Gumrag Dance) প্ৰদৰ্শন হয় । অসমৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠী আজিও ভাষা-সাহিত্য-সংস্কৃতি ৰক্ষাৰ তথা প্ৰচাৰ প্ৰসাৰত পিছপৰি থকাত চৰকাৰক জানগোষ্ঠীটোৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিবলৈ আহ্বান জনায় সমাজকৰ্মী কুশল টায়ে ৷ পৌৰোহিত্যত অনুষ্ঠিত সভাত অ'এনজিচিৰ এচ টি/এচ চি বৰ্ডৰ উপ সভাপতি দেম্বিৰাম পাংগিং, দিখৌমুখ মিছিং ডৰবি কেবাংৰ সম্পাদক ৰজনী টায়ে, ৩৪ নং দিচাং-দিখৌ প্ৰাক্তন সাধাৰণ সদস্য মনেশ্বৰ মিলি, গণশক্তি অসমৰ লোচন মিলিৰ লগতে বহুকেইগৰাকী ব্যক্তিয়ে বক্তব্য দাঙি ধৰে ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details