অসম

assam

Felicitation programme in Jagiroad: 'অসমীয়া নতুন সংবাদ'ৰ বৰ্ষপূৰ্তিত বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 8:08 PM IST

জাগীৰোডৰ পৰা প্ৰকাশিত সাপ্তাহিক কাকতৰ বৰ্ষপূৰ্তি

মৰিগাঁও, ১৭ নৱেম্বৰ: জাগীৰোডৰ পৰা প্ৰকাশিত সাপ্তাহিক কাকত 'অসমীয়া নতুন সংবাদ'ৰ বৰ্ষপূৰ্তি অনুষ্ঠান বৃহস্পতিবাৰে উদযাপন কৰা হয় । জাগীৰোড মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি কাকত গোষ্ঠীৰ উদ্যোগত ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হয় বঁটা । ইয়াৰ অংশৰূপে জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ তথা শিক্ষাবিদ ড০ ভবেন চন্দ্ৰ নেওগলৈ আগবঢ়োৱা হয় 'শিক্ষাৰত্ন বঁটা' ।  

উক্ত বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠানত কেইবাগৰাকী সমাজকৰ্মী, সাংবাদিক আৰু বিভিন্ন দিশত সেৱা আগবঢ়োৱা ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । অনুষ্ঠানটোত মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ মৃদুল হাজৰিকা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, জাগীৰোড মহাবিদ্যালয়ৰ প্ৰবক্তা আৰু ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে ।

লগতে পঢ়ক:Minister Piyush Hazarika in Udalguri: আজমলৰ নিজৰে সন্মান নাই: পীয়ুষ হাজৰীকা

ABOUT THE AUTHOR

...view details