Guwahati AIIMS: উদ্বোধনৰ পূৰ্বে চাংসাৰিৰ এইমছ পৰিদৰ্শন আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ
বাইহাটা, ৮ এপ্ৰিল:অহা ১৪ এপ্ৰিলত চাংসাৰিত নিৰ্মিত গুৱাহাটী এইমছখন মুকলি কৰা হ'ব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিব সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানখন । ইতিমধ্যে আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানখনৰ ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে । পূৰ্ণ গতিত চলিছে চিকিৎসা প্ৰতিষ্ঠানখনৰ মূল পথকে ধৰি অন্যান্য নিৰ্মাণৰ কাম সমূহ । শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অনুষ্ঠানৰ অগ্ৰগতিৰ বুজ ল'বলৈ চিকিৎসা প্ৰতিষ্ঠানখনত উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং (DGP visited Guwahati AIIMS)। আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ লগত জনস্বাস্থ্য় কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও উপস্থিত থাকে (Minister Jayanta Malla Baruah)।
ইয়াৰ সৈতে সংগতি ৰাখি অনুষ্ঠিতব্য় সভাৰ স্থান, গাড়ী পাৰ্কিং, সুৰক্ষা ব্যৱস্থা, পথ, চৌহদৰ ফুলনি বাগিছা, বৃক্ষৰোপণকে ধৰি অন্যান্য কাম সমূহ পৰিদৰ্শন কৰি বাকী থকা কামখিনি ক্ষীপ্ৰতাৰে কৰিবলৈ মন্ত্ৰীগৰাকীৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে নিৰ্দেশ দিয়ে । এই পৰিদৰ্শনৰ সময়ত আৰক্ষী সঞ্চালক প্ৰধান আৰু মন্ত্ৰীগৰাকীক সংগ দিয়ে কামৰূপ জিলা উপায়ুক্ত কীৰ্তি জল্লী, আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায় আৰু জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াৰ লগতে এইমছৰ উচ্চ পদস্থ বিষয়াসকল ।
উল্লেখ্য় যে ইতিমধ্যে এইমছত ১৮ টা বিভাগৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । ৭৫০ খন বিচনাযুক্ত চিকিৎসালয়খনত বৰ্তমান ১৫০ খন বিচনা কাৰ্যক্ষম হৈ আছে । এই চিকিৎসালয়খনত বহিঃবিভাগৰ সেৱা আগবঢ়াই থকা হৈছে যদিও প্ৰধানমন্ত্ৰীয়ে অহা ১৪ এপ্ৰিলত আনুষ্ঠানিকভাৱে উদ্বোধন কৰি ব।
লগতে পঢ়ক:Barpeta SP press conference : বহিঃৰাজ্যৰ পৰা অসমত নিয়ন্ত্ৰণ হৈছে পিএফআই-চিএফআইৰ কাম-কাজ