Girl body found: নিজ কোঠাত ৰহস্যজনক মৃত্যু যুৱতীৰ; প্ৰেমিক অন্তৰ্ধান
Published : Nov 12, 2023, 7:48 PM IST
গুৱাহাটী, ১২ নৱেম্বৰ: মহানগৰীৰ ছয়মাইলত চাঞ্চল্যকৰ ঘটনা । কোঠাৰ ভিতৰত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ। ছয়মাইলৰ পূৰ্বাচা এপাৰ্টমেণ্টত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা । এপাৰ্টমেণ্টটোৰ প্ৰথম মহলাৰ নিজ কোঠাৰ বিচনাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটো ৷ এপাৰ্টমেণ্টটোৰ আৱাসীয়ে আৰক্ষীক অৱগত কৰাৰ পিচতে ঘটনাস্থলীত উপস্থিত হয় দিছপুৰ আৰক্ষী । উদ্ধাৰ হোৱা মৃতদেহটো বোকাজানৰ অঞ্জু দৰ্জীৰ বুলি জানিব পৰা হৈছে । মণি খান নামৰ এগৰাকী যুৱকৰ সতে সহবাস কৰিছিল অঞ্জুৱে ।
আনুষ্ঠানিকভাৱে বিয়া হোৱা নাছিল যদিও দুয়ো একেলগে প্ৰায় তিনি মাহৰ পৰা এপাৰ্টমেণ্টটোত বসবাস কৰিছিল । শুকুৰবাৰে সন্ধিয়া অঞ্জুৰ মৃতদেহ উদ্ধাৰৰ পাচতে ৰহস্যজনকভাৱে বন্ধ হৈ পৰে একেলগে বাস কৰা মণি নামৰ যুৱকজনৰ মোবাইল ফোন। ইয়াৰ পিচতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ যোৱা হয় । এই ঘটনাৰ পিচতে পৰিয়ালৰ লোকে এয়া এক সাধাৰণ মৃত্যু নহয় বুলি অভিযোগ কৰাৰ লগতে যুৱতীগৰাকী হত্যাৰ বুলি হোৱা বুলি অভিযোগ উত্থাপন কৰে ৷
লগতে পঢ়ক:Attempt to rape: ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীক ধৰ্ষণৰ অপচেষ্টা