Srinkhal Chaliha arrested: শৃংখলক চলিহাক মুকলি কৰি নিদিলে শিৱসাগৰ অচল কৰাৰ হুংকাৰ - বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা
শিৱসাগৰ, 2 মে’: "মই শৃংখলক বাৰে বাৰে সুধিছিলো যে, তেওঁ মানুহজনৰ মুখলৈ থুৱাইছিল নেকি, সি মোক বাৰে বাৰে কৈছিল সি কৰা নাই ৷ মোৰ তাৰ ওপৰত আস্থা আছে, বিশেষকৈ আমাৰ ঘৰখনৰ সংস্কাৰৰ ওপৰত আস্থা আছে ৷ শৃংখলৰ লগত কৰা এই ব্যৱহাৰে তেওঁৰ লগতে আমাকো মানসিকভাৱে হাৰাশাস্তি কৰিছে ৷" শৃংখল চলিহাক পুনৰ গ্ৰেপ্তাৰ কৰাৰ পিচতেই এই মন্তব্য প্ৰকাশ কৰে ভগ্নী কাৰ্বী চলিহাই (Srinkhal Chaliha sister reaction) ৷
ইফালে শৃংখল চলিহাক সোনকালে মুকলি কৰি কৰি নিদিলে শিৱসাগৰ অচল কৰি দিয়া হুংকাৰ বীৰ লাচিত সেনাৰ কৰ্মকৰ্তাৰ (Bir lachit sena demand to release Srinkhal Chaliha)। উল্লেখ্য যে, আজি পুনৰ গ্ৰেপ্তাৰ কৰা হ’ল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক (Srinkhal Chaliha arrested again) । কাৰাগাৰৰ সন্মুখৰ পৰাই পুনৰ গ্ৰেপ্তাৰ কৰে নেতাজনক ।
2 মে’ত জামিন লাভ কৰাৰ পিচতেই আদালতৰ সময় পাৰ হৈ যোৱাৰ বাবে 15 হাজাৰ টকাৰ বেইল ব'ণ্ড জমা দিব নোৱাৰাত শৃংখল চলিহাক কালি নিশা ন্যায়িক জিম্মাত ৰখা হৈছিল ৷ জানিব পৰামতে শৃংখল চলিহাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ৷ অৱশ্যে গ্ৰেপ্তাৰৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই (Srinkhal Chaliha arrested again) ।
লগতে পঢ়ক:Srinkhal Chaliha got bail: জামিন লাভৰ পাচতে ভুৱা বাতৰি প্ৰকাশ নকৰিবলৈ সকিয়নী শৃংখল চলিহাৰ