অসম

assam

Ajanta Neog on flood relief: অসমত বান সাহায্যৰ কাৰণে পুঁজিৰ নাটনি হোৱা নাই: অজন্তা নেওগ

By

Published : Jul 23, 2022, 9:30 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

ৰাজ্যজুৰি বান পৰিস্থিতি শাম কটাৰ পিছতেই বান সাহায্যক লৈ তৎপৰ হৈছে ৰাজ্য চৰকাৰ (Assam Flood 2022)৷ শনিবাৰে সন্ধিয়া তেজপুৰ উপায়ুক্তৰ সন্মিলন কক্ষত হৈ যোৱা বান আৰু বান সাহায্যৰ সন্দৰ্ভত জিলাখনৰ উচ্চপদস্থ বিষয়াসকলৰে এখন পৰ্যালোচনা বৈঠকত মিলিত হয় বিত্ত মন্ত্ৰী অজন্তা নেওগে (Finance Minister Ajanta Neog in Tezpur)৷ মন্ত্ৰীগৰাকীয়ে বান সাহায্য প্ৰদানৰ প্ৰসংগত কয় যে ৰাজ্যৰ কোনো এজন লোক যাতে চৰকাৰী সাহায্যৰ পৰা বঞ্চিত নহয় সেইকাৰণে মুখ্যমন্ত্ৰীয়ে জিলাই জিলাই মন্ত্ৰীগোট পঠিয়াইছে (CM Himanta Biswa Sarma) ৷ বানৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে পুঁজি দিয়েই আছে ৷ অসমত বান সাহায্যৰ কাৰণে কোনো কাৰণতে পইচাৰ নাটনি হোৱা নাই ৷ অতি সোনকালে বানত ক্ষতিগ্ৰস্ত লোকসকলে বান সাহায্য পাব (Ajanta Neog on flood relief) ৷
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

...view details