অসম

assam

JEE2023ৰ মূল পৰীক্ষাৰ ফলাফল ঘোষণা

By

Published : May 1, 2023, 9:21 PM IST

ETV Bharat / videos

Result of JEE: JEE ত পটেনছিয়েল এণ্ড কনচেপ্ট এডুকেচনৰ সাফল্য়

গুৱাহাটী, ১ মে':JEE 2023ৰ মূল পৰীক্ষাৰ ফলাফল শনিবাৰে ঘোষণা কৰা হৈছে (Result of JEE main2023) ৷ এই পৰীক্ষাত পটেনছিয়েল এণ্ড কনচেপ্ট এডুকেচনৰ ছাত্ৰ ছাত্ৰী সকলে সাফল্য় অৰ্জন কৰিবলৈ সক্ষম হৈছে (Potential And Concept Education in JEE)। এই শিক্ষানুষ্ঠানখনৰ ৪০ গৰকী ছাত্ৰ ছাত্ৰীয়ে ৯৫ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিছে । লগতে ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৯০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ।  

দেওবাৰে শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষই এক সংবাদমেলৰ আয়োজন কৰে । কৰ্তৃপক্ষই উল্লেখ কৰা অনুসৰি শিক্ষানুষ্ঠানখনৰ চাকিল হুছেইন নামৰ ছাত্ৰজনে ৯৯.৭০ শতাংশ নম্বৰ লগতে পদাৰ্থ বিজ্ঞান বিষয়ত ১০০ নম্বৰ লাভ কৰি শিক্ষানুষ্ঠানখনৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে । আনহাতে, শিক্ষানুষ্ঠানখনৰ ছাত্ৰ অমন পোদ্দাৰে ৯৯.৬১ শতাংশ, চন্দন জ্যোতি দাসে ৯৯.৫১৭ শতাংশ, জয়দ্বীপ গোস্বামীয়ে ৯৯.৫১৫ শতাংশ, মুকুন্দ কুমাৰ ঝাই ৯৯.৩৫ লাভ কৰিবলৈ সক্ষম হৈছে । 

লগতে পঢ়ক:First FlyBig flight : গুৱাহাটী-ডিব্ৰুগড়-গুৱাহাটী পোনপটীয়া যাত্ৰীবাহী দৈনিক বিমান সেৱা আৰম্ভ কৰিলে ফ্লাই বিগে

ABOUT THE AUTHOR

...view details