AASU protest against price hike:মূল্যবৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল লখিমপুৰ - মূল্য বৃদ্ধি
লখিমপুৰ, ১৪ জুলাই :শুকুৰবাৰে ছাত্ৰ সন্থাৰ প্ৰতিবাদত কঁপি উঠে সমগ্ৰ ৰাজ্য ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে সমগ্ৰ ৰাজ্যৰ জিলাই জিলাই ছাত্ৰ সন্থাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰে । ৰাজ্যৰ আন জিলাৰ সমান্তৰালকৈ লখিমপুৰতো জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ৷
ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল হৈ পৰে লখিমপুৰ । নতুন নতুন আঁচনি বন্ধ কৰি মূল্যবৃদ্ধি ৰোধৰ দাবী জনাই প্ৰতিবাদকাৰীয়ে । নিত্য ব্যৱহার্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণৰ ৰাইজক হাৰাশাস্তি কৰিছে । চৰুত জুই নজ্বলা অৱস্থাৰ সৃষ্টি হৈছে দৰিদ্ৰ পৰিয়ালৰ । অথচ কাণসাৰ নাই যোগান বিভাগৰ !
প্ৰায় ধাৰাবাহিকভাৱে বিভিন্ন সংগঠনে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আহিছে । শুকুৰবাৰে পুনৰ ৰাজ্যজুৰি প্ৰতিবাদৰ ধ্বনি উঠে । লখিমপুৰতো জিলা ছাত্ৰ সন্থাই নগৰৰ শ্বহীদ বাকৰিৰ সমীপত পথ অৱৰোধ কৰি বিক্ষোভ প্ৰদর্শন কৰে । যোগান বিভাগ মুৰ্দাবাদ, যোগান বিভাগ হায় হায়, অসম চৰকাৰ কাম নাই, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা অসম চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰিব লাগিবই আদি শ্ল’গান দি প্ৰতিবাদকাৰী সকলে পৰিৱেশ উত্তাল কৰি তোলে । মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে ছাত্ৰ সন্থাই ইয়াতকৈয়ো জংগী আন্দোলনৰ পাতনি মেলিব বুলি প্ৰতিবাদস্থলীৰ পৰা চৰকাৰক সকীয়াই দিয়ে ।