অসম

assam

Theft in Jonai: জোনাইত একে নিশাই 6 খন দোকানত চোৰৰ চাফাই অভিযান

By

Published : May 10, 2023, 9:22 PM IST

লক্ষাধিক নগদ ধনৰ লগতে বহু পৰিমাণৰ সামগ্ৰী লুটি নিয়ে চোৰে

জোনাই, 10 মে’: আৰক্ষীক চেলেঞ্জ কৰি একে নিশাই জোনাইত 6 খনকৈ দোকানত  চাফাই অভিযান চলালে চোৰে ৷ মঙলবাৰে জোনাইত চাৰিচকীয়া বাহনত আহি জোনাই সদৰৰ 6 খনকৈ দোকানত চোৰে চলালে লুটপাত ৷ চুৰি কাণ্ডৰ দৃশ্য বন্দী হ’ল এখন দোকানৰ CCTV কেমেৰাত (6 shops including pharmacy looted in Jonai) ৷  

6 খন দোকানৰ পৰা লক্ষাধিক নগদ ধনৰ লগতে বহু পৰিমাণৰ সামগ্ৰী লুটি নিয়ে চোৰে ৷ জোনাই সদৰৰ চাৰিখন গেলামালৰ দোকান, এখন কাপোৰৰ দোকানৰ লগতে আৰু এখন ফাৰ্মাচীত নিশা চোৰ প্ৰৱেশ কৰি সংঘটিত কৰে এই কাণ্ড ৷ জোনাই আৰক্ষী থানাৰ পৰা মাত্ৰ 500 মিটাৰ আঁতৰত থকা জোনাইৰ সদৰৰ মাজমজিয়াৰ দোকান সমূহৰ পৰা চোৰে নিৰ্বিঘ্নে লুটপাত চলোৱাতো আৰক্ষীৰ ব্যৰ্থতাকে বুজাইছে বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে (6 shops looted in Jonai) ৷ 

উল্লেখযোগ্য, কেইদিনমান পূৰ্বে জোনাই মহকুমাৰ চিমেন চাপৰি আৰক্ষী থানাৰ নিচেই সমীপত, চিমেন চাপৰিত দুবাৰকৈ চোৰে লুটিলে প্ৰায় দহ খনকৈ দোকান ৷ এই দোকান সমূহত সংঘটিত হোৱা চুৰি কাণ্ডৰ CCTV ফুটেজ ইতিমধ্যে আৰক্ষীয়ে অনুসন্ধানৰ বাবে সংগ্ৰহ কৰিছে ৷

লগতে পঢ়ক:Arms seized : মাৰণাস্ত্ৰসহ সৰবৰাহকাৰী আটক

ABOUT THE AUTHOR

...view details