বহু সময়ত হঠাৎ মানুহৰ আচৰণৰ পৰিৱৰ্তন ঘটে ৷ যদিও বেছিভাগেই এইটো বিভ্ৰান্তিৰ অৱস্থা হ’ব পাৰে ৷ এনে পৰিস্থিতিক বিজ্ঞানৰ ভাষাত চাইকটিক ডিছঅৰ্ডাৰ বুলি কোৱা হয় ৷ শেহতীয়াকৈ জন্মদিন উদযাপন কৰাৰ সময়ত আমেৰিকাৰ জনপ্ৰিয় অভিনেত্ৰী তথা গায়িকা চেলেনা গোমেজে তেওঁৰ মনোৰোগ বিকলতাৰ বিষয়ে প্ৰকাশ কৰিছিল ৷
তেওঁ কৈছিল যে, প্ৰতিটো কথা-বতৰাত তেওঁৰ অস্বস্তি অনুভৱ হয় ৷ এই সময়ছোৱাত তেওঁ কি কষ্টৰ মাজেৰে পাৰ হৈছিল তাকে মনত পেলাব পৰা নাছিল ৷ এই অৱস্থা অতিক্ৰম কৰিবলৈ তেওঁৰ দীৰ্ঘদিনীয়া চিকিৎসাও গ্ৰহণ কৰিছিল ৷ ইয়াৰ বিষয়ে অধিক জানো আহক-
চাইকোটিক ডিছঅৰ্ডাৰ কি ?
Psychosis Disorderহৈছে এক গুৰুতৰ মানসিক ৰোগ ৷ এই সময়ছোৱাত ৰোগীয়ে শুদ্ধ আৰু ভুলৰ মাজত পাৰ্থক্য কৰিব নোৱাৰে ৷ এই ৰোগত ভোগা লোকে নিজকে অকলশৰীয়া অনুভৱ কৰে আৰু কল্পনাৰাজ্যত বাস কৰে লগতে অদ্ভুত মাত শুনে আৰু এনে বস্তু দেখে, যিবোৰ বাস্তৱ নাথাকে ৷ অৰ্থাৎ এইটো এটা বিভ্ৰান্তিৰ পৰিস্থিতি ৷ চাইকোটিক ডিছঅৰ্ডাৰ বামনোৰোগ বিকাৰৰ ৰোগী এজন মোহ বা ভ্ৰমৰ দৰে কথাত আৱদ্ধ হৈ পৰে ৷ এই দুয়োটাতে ৰোগীয়ে বিভিন্ন ধৰণৰ অভিজ্ঞতা লাভ কৰে, যিটো হয়তো কেৱল এটা ভ্ৰমহে হ’ব পাৰে ৷ ব্যক্তিজন বিভ্ৰান্ত হৈ থাকে, যাৰ বাবে মানুহে তেওঁক বুজিবলৈ অসুবিধা পায় ৷