অসম

assam

By

Published : Feb 14, 2023, 4:51 PM IST

ETV Bharat / sukhibhava

Vitamin D Deficiency: ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায়ক ভিটামিন-ডি

স্বাস্থ্যৰ পৰামৰ্শ শৰীৰত ভিটামিন-ডিৰ অভাৱৰ বাবে বহু ৰোগৰ কৱলত পৰিব পাৰে । এই ভিটামিনৰ অভাৱত শৰীৰৰ বিষ, ভাগৰুৱা আৰু গাঁঠিৰ বিষ আদি লক্ষণ দেখা দিয়ে । ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ বাবে এই ভিটামিন অতি প্ৰয়োজনীয় ।

To increase immunity, do not allow deficiency of D vitamin learn from experts
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায়ক ভিটামিন-ডি

ভিটামিন D শৰীৰত গ্লুক’জ বিপাকীয় ক্ৰিয়াৰ দৰে বহু ক্ষেত্ৰত সহায় কৰে, গতিকে শৰীৰত ইয়াৰ পৰ্যাপ্ত আৰু সুষম পৰিমাণত উপস্থিতি অতি প্ৰয়োজনীয়(deficiency of D vitamin)। শেহতীয়াকৈ জাৰ্নেল এনালছ অৱ ইণ্টাৰনেল মেডিচিনত প্ৰকাশিত এক অধ্যয়নত কোৱা হৈছে যে, ভিটামিন-Dয়ে ডায়েবেটিছ-২ৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰিব পাৰে । কিন্তু ভিটামিন-ডিৰ অতিৰিক্ততাই আন এক ধৰণৰ সমস্যাও সৃষ্টি কৰিব পাৰে অৰ্থাৎ ভিটামিন-D প্ৰয়োজনীয়, কিন্তু নিৰাপদ সীমাৰ ভিতৰত । কোনো এক অধ্যয়নৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰি (vitamin D)।

শক্তিশালী কৰে ৰোগ প্ৰতিৰোধ ক্ষমতা

ভিটামিন-Dৰ অভাৱ এক গুৰুতৰ সমস্যা । যদি পৰীক্ষাত ভিটামিন-Dৰ অভাৱ নিশ্চিত হয়, তেন্তে ইয়াৰ চিকিৎসা আৰম্ভ কৰিব লাগে, কাৰণ ই আমাক সংক্ৰমণৰ পৰা ৰক্ষা কৰে আৰু হাড় শক্তিশালী কৰে । ক'ভিড-১৯ মহামাৰীত আমি দেখিছো যে যিসকলৰ শৰীৰত ভিটামিন-ডিৰ অভাৱ হয়, তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমিবলৈ আৰম্ভ কৰে, অৰ্থাৎ ভিটামিন-Dৰ অভাৱত সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায় । কিন্তু ভিটামিন-Dৰ অভাৱৰ বাবে এনে নহয় যে হঠাৎ জীৱন বিপদত পৰে । তথাপিও আমি এই বিষয়ে সচেতন হোৱাটো প্ৰয়োজন (What are the signs you need vitamin D)।

কিয় নাটনি হৈছে ভিটামিন-Dৰ

দেশৰ এক বৃহৎ জনসংখ্যা ভিটামিন-ডিৰ অভাৱত ভুগিছে(What does vitamin D do for you)। কিন্তু যোৱা ১০-১৫ বছৰত মানুহে ভিটামিন-Dৰ অভাৱৰ বিষয়ে সচেতন হৈ পৰিছে। পূৰ্বৰ মানুহে কল্পনা কৰিব পৰা নাছিল যে, ভাৰতৰ দৰে দেশ এখনত ভিটামিন-Dৰ অভাৱৰ দৰে সমস্যা হ’ব পাৰে, আনহাতে সত্যটো হ’ল সমগ্ৰ দক্ষিণ এছিয়াতে বৃহৎ সংখ্যক লোক ভিটামিন-Dৰ অভাৱত ভুগি আছে । পৰ্যাপ্ত পৰিমাণৰ সূৰ্যৰ পোহৰ থকাৰ পিছতো এই সমস্যা বাঢ়িছে । মানুহে ঘৰৰ বাহিৰত কাম কৰে, খেতিয়ক দিনত পথাৰত থাকে । তথাপিও তেওঁলোকৰ ভিটামিন-ডিৰ অভাৱ হয় । ইয়াৰ মূল কাৰণ হ'ল- বিপাকীয় ক্ৰিয়া শুদ্ধ নহয় । ইয়াৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব । শৰীৰত বিপাকীয় ক্ৰিয়া আৰু শোষণৰ প্ৰক্ৰিয়া নিখুঁত হ’ব লাগে ।

মাজে মাজে পৰীক্ষা কৰিব লাগিব

ভিটামিন-ডিৰ অভাৱৰ বাবে শৰীৰৰ বিষ, ভাগৰুৱা, গাঁঠিৰ বিষ আদি লক্ষণ দেখা যায় যদিও এই লক্ষণসমূহৰ ভিত্তিত কেৱল ভিটামিন-ডিৰ অভাৱ ধৰা নপৰে । ইয়াৰ তথ্য তদন্তৰ ভিত্তিতহে লাভ কৰিব পাৰিব । বহুতে পৰীক্ষাৰ খৰচৰ কথা উল্লেখ কৰি পৰীক্ষাৰ পৰা আঁতৰি থাকে । আনকি চিকিৎসকেও এই পৰীক্ষাক আওকাণ কৰে । কিন্তু, পৰীক্ষাটো কৰি দিয়াৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল ইয়াৰ দ্বাৰা আমি জানিব পাৰোঁ যে ইয়াক কিমান, কেনেধৰণৰ ঔষধ আৰু কি ৰূপত দিব লাগিব। Vitamin-Dৰ অতিৰিক্ত পৰিমাণো ক্ষতিকাৰক । যেতিয়া আমি ভিটামিন-ডিৰ মাত্ৰা নাজানো, তেতিয়া সঠিক চিকিৎসা কেনেকৈ কৰিব পাৰি ।

সূৰ্যৰ পোহৰ যথেষ্ট নহয়

সাধাৰণতে কোৱা হয় যে, ভিটামিন-ডিৰ অভাৱ সূৰ্যৰ পোহৰৰ দ্বাৰা পূৰণ কৰিব পাৰি । সূৰ্যৰ পোহৰ অতি প্ৰয়োজনীয় যদিও আন দিশবোৰতো আমি গুৰুত্ব দিব লাগিব । সম্ভৱ যে ইয়াৰ অভাৱ পূৰণ কৰিবলৈ পৰিপূৰকৰো প্ৰয়োজন। ভাল চিকিৎসকৰ তত্বাৱধানত সময়ে সময়ে পৰীক্ষা কৰিব লাগে । এইটোও নহয় যে সকলোকে Vitamin-D টেবলেট খুৱাব লাগে (vitamin d sources)। কাৰ ক্ষেত্ৰত কিমান প্ৰয়োজন সেইটো জনাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ । চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতহে ইয়াৰ পৰীক্ষা আৰু চিকিৎসা কৰাটো উচিত ।

ভিটামিন-ডি অভাৱৰ লক্ষণ

  • শৰীৰ আৰু পেশীৰ বিষ
  • হাড় আৰু গাঁঠিৰ বিষ
  • ভাগৰুৱা আৰু এলেহুৱা অনুভৱ কৰা
  • অৱসাদ
  • চুলি সৰা

ইয়াৰ সমাধান কি কি ?

  • জীৱনশৈলী আৰু দৈনন্দিন কাম-কাজ উন্নত কৰক
  • স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক, য’ত ভিটামিন-ডি প্ৰচুৰ পৰিমাণে থাকে
  • গাখীৰৰ সামগ্ৰীত ভিটামিন-ডি যথেষ্ট পৰিমাণে থাকে । ইয়াক সেৱন কৰাটো প্ৰয়োজনীয়
  • খাদ্যত কেলচিয়াম সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে

বহুতো সুবিধা

  • ভিটামিন-ডিক ছানশ্বাইন ভিটামিন বুলিও কোৱা হয়
  • ই এক পুষ্টিকৰ উপাদানও, যিটো আমি পৰিপূৰক হিচাপে আমাৰ শৰীৰে তৈয়াৰ কৰা হৰম’নো
  • ই চৰ্বিত দ্ৰৱীভূত ভিটামিন, যিয়ে শৰীৰত কেলচিয়াম আৰু ফছফৰাছ শোষণ আৰু ধৰি ৰখাত সহায়ক । হাড়ৰ বাবে দুয়োটা অপৰিহাৰ্য
  • কেন্সাৰ কোষৰ বৃদ্ধি বন্ধ কৰা, সংক্ৰমণ নিয়ন্ত্ৰণ আৰু প্ৰদাহ হ্ৰাস কৰাত সহায়ক

পৰামৰ্শ দিয়া মাত্ৰা

১৯ বছৰ আৰু তাতকৈ অধিক বয়সৰ পুৰুষ আৰু মহিলাৰ বাবে দৈনিক 400–600 IU (15 mcg লৈকে)ৰ প্ৰয়োজন হয় ।

৭০ বছৰৰ ওপৰৰ লোকৰ বাবে দৈনিক 800 IU (20mcg) পৰ্যন্ত প্ৰয়োজন হয় ।

সূৰ্যৰ পোহৰ কিয় গুৰুত্বপূৰ্ণ

সূৰ্যৰ অতিবেঙুনীয়া পোহৰে মানুহৰ ছালত ৰাসায়নিক বিক্ৰিয়াৰ সৃষ্টি কৰে, যাৰ ফলত ভিটামিন-ডি৩ তৈয়াৰ হয় । শোষিত ভিটামিনৰ পৰিমাণ বেলেগ বেলেগ হ’ব পাৰে । সূৰ্যৰ পোহৰত এইবোৰ কথাও মনোযোগ দিয়াটো প্ৰয়োজনীয়:

- গোটেই শৰীৰটো কাপোৰেৰে ঢাকি ৰখা আৰু কম বাহিৰ ওলোৱাৰ বাবে ভিটামিন-ডি শোষণো কমি যায় ।

লগতে পঢ়ক:Home Remedies For Pollution Allergy: প্ৰদূষণ সম্পৰ্কীয় এলাৰ্জী দূৰ কৰিবলৈ ফলপ্ৰসূ এই ৫টা ঘৰুৱা উপায়

ABOUT THE AUTHOR

...view details