ৰাস্তাৰ চুক-কোণৰ পৰা যিকোনো ফালে বা ডাঙৰ ডাঙৰ বজাৰবোৰত মোমোৰ গাড়ী দেখিলে আমি নিজকে ৰখাব নোৱাৰো ৷ মোমো হৈছে এনেকুৱা এবিধ ষ্ট্ৰীট ফুড, যিটো ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰিছে ৷ শিশু হওক বা প্ৰাপ্তবয়স্ক, সকলোৱে মোমো খাই ভাল পায় ৷ যিকোনো সময়তে Momosৰ গাড়ীখনলৈ গ’লে নিশ্চয় ভিৰ পৰিলক্ষিত হয় ৷ কিন্তু এই সুস্বাদু ষ্ট্ৰীট ফুড শৰীৰৰ বাবে বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে ৷
যদি আপুনিও মোমো খাই ভাল পায়, তেন্তে অলপ সাৱধান হোৱাটো প্ৰয়োজন ৷ যদিও আপুনি ইয়াক অতি সোৱাদযুক্ত বুলি বিবেচনা কৰিব পাৰে, তথাপিও ই আপোনাৰ বাবে বহু ৰোগক নিমন্ত্ৰণ জনাব পাৰে ৷ এই ৰোগবোৰে আপোনাৰ ইমানেই ক্ষতি কৰিব পাৰে যে আপুনি চিকিৎসালয়তো ভৰ্তি হ’বলগীয়া হ’ব পাৰে ৷ আজি আপোনালোকক জনাম যে কেনেকৈ মোমো আপোনাৰ জীৱনৰ শত্ৰু হ'ব পাৰে ৷
পাইলছ: মোমোৰ সৈতে পৰিবেশন কৰা চাটনি ৷ খাবলৈ বৰ জ্বলা ৷ এইটো আমাৰ স্বাস্থ্যৰ বাবে অতি বিপজ্জনক, কাৰণ ইয়াৰ বাবেই আপোনাৰ পাইলছো হ’ব পাৰ ৷ এই টেঙা চাটনিৰ বাবে পেটৰ হজম প্ৰক্ৰিয়াতো যথেষ্ট প্ৰভাৱ পৰে ৷
ডায়েবেটিছ: পেনক্ৰিয়াচ নামৰ এবিধ পদাৰ্থ ব্যৱহাৰ কৰি মোমো কোমল কৰা হয়, যিটো আমাৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক ৷ পেনক্ৰিয়াচৰ বাবে ইনচুলিন হৰম’ন সঠিকভাৱে নিঃসৰণ নহয়, যাৰ ফলত ডায়েবেটিছৰ আশংকা বৃদ্ধি পায় ৷