ইতিমধ্যে আৰম্ভ হৈছে পবিত্ৰ শাওন মাহ । এইবাৰ ২ মাহলৈকে চলিব শাওন । প্ৰতিবছৰে শিৱ ভক্তসকলে অতি আগ্ৰহেৰে এই মাহৰ বাবে অপেক্ষা কৰে । বিশ্বাস কৰা হয় যে শাওন মাহত ভগৱান শিৱক পূজা কৰাৰ লগতে মন্ত্ৰ জপ কৰিলে, জলাভিষেক কৰিলে মহাদেৱে ভক্তৰ ইচ্ছা-আকাংশা পূৰণ কৰে বুলি বিশ্বাস কৰা হয় ।
ইয়াৰ উপৰিও শাওন মাহত শিৱ চলিছা পাঠ কৰাটোও শুভ বুলি গণ্য কৰা হয় । ভক্তসকলে ভোলানাথক সন্তুষ্ট কৰিবলৈ বহু ব্যৱস্থা গ্ৰহণ কৰে, মহাদেৱক সন্তুষ্ট কৰিবলৈ বহু ধৰণৰ ভোগো আগবঢ়োৱা হয় । গতিকে জানো আহক শাওন মাহত ভগৱান শিৱক কি কি বস্তু আগবঢ়োৱা উচিত-
চুজিৰ হালোৱা
শাওনত মহাদেৱক সন্তুষ্ট কৰিবলৈ ভোগত চুজিৰ হালোৱা লগাব পাৰে । চেনি, গাখীৰ, ঘিউ আৰু শুকান ফল ব্যৱহাৰ কৰি বনাব লাগে । প্ৰথমে কেৰাহী গৰম কৰি তাত ঘিউ দি ভজা চুজি । এতিয়া চেনি মিহলাই গাখীৰ দিব । শুকাবলৈ আৰম্ভ কৰিলে তাৰ ওপৰত শুকান ফল দিব ।
চাগুৰ পায়স