ভাৰতত প্ৰতি বছৰে বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগী সংখ্যা ৷ মহিলাসকলো এই ৰোগত ভুগিবলৈ আৰম্ভ কৰিছে ৷ মহিলাৰ ডায়েবেটিছক Gestational diabetesবা গৰ্ভাৱস্থাৰ ডায়েবেটিছ বুলি কোৱা হয় ৷ ইয়াৰ বাবে গৰ্ভৱতী মহিলাৰ শৰীৰত ৰক্তশৰ্কৰাৰ মাত্ৰা বহু পৰিমাণে বৃদ্ধি পায় ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ(WHO) প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে গৰ্ভাৱস্থাৰ ২২ৰ পৰা ২৮ সপ্তাহত ডায়েবেটিছৰ আশংকা থাকে ৷ বহু মহিলাই ইয়াৰ সন্মুখীন হ’বলগীয়া হয় যদিও ইয়াত ভয় খোৱাৰ কোনো প্ৰয়োজন নাই ৷ লক্ষণসমূহ সময়মতে চিনাক্ত কৰি এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি ৷ গৰ্ভাৱস্থাৰ ডায়েবেটিছ কিয় হয় জানো আহক ৷ ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ পদ্ধতি জানো আহক ৷
চিকিৎসকৰ মতে, গৰ্ভাৱস্থাৰ সময়ত মহিলাৰ শৰীৰত বহু পৰিৱৰ্তন ঘটে ৷ ইয়াৰ সময়ত হৰম’নবোৰো সক্ৰিয় হৈ থাকে ৷ বহু ক্ষেত্ৰত হৰম’নৰ কিছু ভাৰসাম্যহীনতা দেখা দিয়ে আৰু ইয়াৰ ফলত ইনচুলিনৰ কাৰ্যত প্ৰভাৱ পৰে ৷ শৰীৰৰ প্ৰয়োজন অনুযায়ী ইনচুলিন তৈয়াৰ কৰা নহয় ৷ এনে পৰিস্থিতিত গৰ্ভাৱস্থাত ডায়েবেটিছৰ সমস্যাৰ সৃষ্টি হয় ৷
লক্ষণসমূহ কি কি ?
চিকিৎসকে এই সন্দৰ্ভত বুজাইছে যে, গৰ্ভাৱস্থাৰ সময়ত মহিলাৰ ডায়েবেটিছৰ লক্ষণসমূহৰ ওপৰত চকু ৰখাটো প্ৰয়োজন ৷ অৱশ্যে বহু ক্ষেত্ৰত ইয়াক আওকাণ কৰা হয় ৷ যদি কোনো মহিলাৰ গৰ্ভাৱস্থাত অত্যধিক ভাগৰুৱা, দুৰ্বলতা বা সঘনাই প্ৰস্ৰাৱ আহি থকা অনুভৱ কৰে, তেন্তে এইবোৰ ডায়েবেটিছৰ লক্ষণ ৷ এনে পৰিস্থিতিত তেওঁলোকক আওকাণ কৰা উচিত নহয় ৷ কিয়নো গৰ্ভাৱস্থাত ডায়েবেটিছৰ বাবে জন্ম হোৱা শিশুটিও আক্ৰান্ত হ’ব পাৰে ৷ ইয়াৰ বাবে শিশুটিও জন্মৰ পিছত ডায়েবেটিছৰ বলি হয় ৷
কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে
চিকিৎসকে কয় যে, গৰ্ভাৱস্থাত মহিলাসকলে বহু কথাৰ যত্ন ল’ব লাগে ৷ প্ৰথমতে খাদ্যাভ্যাসৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ ৷ খাদ্যত কম চৰ্বিযুক্ত খাদ্য গ্ৰহণ কৰক ৷ ভিটামিন আৰু প্ৰ’টিন অন্তৰ্ভুক্ত কৰক ৷ দৈনিক ৰক্তশৰ্কৰাৰ মাত্ৰা পৰীক্ষা কৰক ৷ যদি ৰক্তশৰ্কৰাৰ মাত্ৰা বৃদ্ধি পাইছে তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক ৷ পৰ্যাপ্ত পৰিমাণে টোপনি গ্ৰহণ কৰক আৰু গৰ্ভাৱস্থাত মানসিক চাপ নল’ব ৷ চিকিৎসকৰ পৰামৰ্শ মতে কিছুমান ব্যায়ামো কৰিব পাৰি ৷ লগতে মনত ৰাখিব যে গৰ্ভাৱস্থাত দৈনিক বি পি পৰীক্ষা কৰিব লাগে ৷ যদি ইতিমধ্যে কোনো গুৰুতৰ ৰোগ হৈছে তেন্তে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ গ্ৰহণ কৰিব ৷
লগতে পঢ়ক:Acne: ক’লা তুলসী আৰু পদিনাৰে পাব পাৰি শালমাইনাৰ পৰা পৰিত্ৰাণ