কাণেৰে নুশুনা অথবা কম শুনাৰ ক্ষেত্ৰত এতিয়াও জনসাধাৰণৰ মাজত সজাগতাৰ অভাৱ দেখিবলৈ পোৱা যায় ৷ বিশেষকৈ শিশুসকলৰ মাজত দেখা দিয়া এই লক্ষণৰ ক্ষেত্ৰত অভিভাৱকসকলে শিশুৰ কাণৰ পৰীক্ষা তথা বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয়(World Hearing Day 2023 date)। বিশ্ব পৰ্যায়ৰ অধিক সংখ্যক লোকক যিকোনো কাৰণতে কম বেছি পৰিমাণে শ্ৰৱণ ক্ষমতা হেৰুৱাৰ সমস্যাৰ পৰা ৰক্ষা কৰিব পৰা যায়, গতিকে সাধাৰণ জনতাৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে বিশ্বজুৰি প্ৰতি বছৰে ৩ মাৰ্চৰ দিনা “বিশ্ব শ্ৰৱণ দিৱস” পালন কৰা হয়(why we celebrate World Hearing Day) ।
এই বছৰ বিশ্ব স্বাস্থ্য সংস্থাই বিশ্ব শ্ৰৱণ দিৱসৰ বাবে “Ear and Hearing Care for Everyone!” বিষয়বস্তু নিৰ্ধাৰণ কৰা হৈছে(World Hearing Day theme) ।
পৰিসংখ্যাই কি কয় ?
বিভিন্ন ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি বিশ্বজুৰি প্ৰায় ১.৫ বিলিয়ন লোক সম্পূৰ্ণ বা আংশিকভাৱে বধিৰতা বা শ্ৰৱণ ক্ষমতা হেৰুৱাৰ সন্মুখীন হৈছে । আনহাতে যদি আমি কেৱল ভাৰতৰ কথা কওঁ, ইয়াত ৬.৫ কোটিতকৈও অধিক লোকে আংশিক বা সম্পূৰ্ণ মূকবধিৰতাৰ সমস্যাৰ সন্মুখীন হৈছে ।
কোনো কাৰণত শ্ৰৱণ ক্ষমতা হেৰুওৱাৰ প্ৰাৰম্ভিক পৰ্যায়ত বৃহৎ সংখ্যক লোকে সমস্যাটোৰ প্ৰতি বিশেষ গুৰুত্ব নিদিয়াটো এক চিন্তাৰ বিষয় । যাৰ বাবে সমস্যাৰ নিদানত পলম হয় আৰু যিটো কেতিয়াবা সমস্যা বৃদ্ধিৰ কাৰণো হৈ পৰে ।
বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত কি কোৱা হৈছে ?
শ্ৰৱণ ক্ষমতাৰ বিকাৰৰ ওপৰত প্ৰথম বিশ্বব্যাপী প্ৰতিবেদন ২০২১ চনত বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছিল । য’ত আশংকা কৰা হৈছিল যে ২০৫০ চনৰ ভিতৰত বিশ্বজুৰি প্ৰায় ২.৫ বিলিয়ন লোক বা প্ৰতি ৪ জনৰ ভিতৰত ১ জন কম বেছি পৰিমাণে শ্ৰৱণ ক্ষমতা হেৰুৱাৰ সমস্যাৰ বলি হ’ব পাৰে । এই প্ৰতিবেদনত এইটোও কোৱা হৈছিল যে বিশ্বজুৰি শ্ৰৱণ ক্ষমতা হেৰুৱাৰ অধিক আশংকা থকা লোকৰ সংখ্যা বৃদ্ধি পাইছে । প্ৰতিবেদনত উচ্চ শব্দ শুনা আৰু শব্দ প্ৰদূষণ বৃদ্ধি পোৱাটোৱেই আছিল শ্ৰৱণ শক্তি দুৰ্বল হোৱা বা হেৰুৱাৰ আঁৰৰ অন্যতম মূল কাৰণ ।
প্ৰতিবেদনত এইটোও কোৱা হৈছে যে, যদি এই দিশত অতি সোনকালে কোনো সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে ২০৫০ চনৰ ভিতৰত প্ৰায় ৭০ কোটি লোকক কাণ আৰু শ্ৰৱণ সম্পৰ্কীয় যত্ন আৰু অন্যান্য পুনৰ্বাসন সেৱাৰ প্ৰয়োজন হ’ব ।
ইতিহাস
মূকবধিৰতাৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই ২০০৭ চনত ‘আন্তঃৰাষ্ট্ৰীয় কাণৰ যত্ন দিৱস’ৰ আয়োজন কৰিছে যাৰ উদ্দেশ্য হৈছে শ্ৰৱণ ক্ষমতাৰ সমস্যা আৰু আনুষংগিক কাৰকসমূহৰ বিষয়ে মানুহৰ মাজত সজাগতা বিয়পাই দিয়া আৰু সকলোকে সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ চেষ্টা কৰা এই দিনটো নামেৰে উদযাপন কৰিবলৈ আৰম্ভ কৰা হৈছিল আৰু প্ৰথমবাৰৰ বাবে ৩ মাৰ্চত আয়োজন কৰা হৈছিল(World Hearing Day history)। কিন্তু পিছলৈ ২০১৬ চনৰ পৰা এই দিনটোক "World Hearing Day" হিচাপে সমগ্ৰ বিশ্বতে পালন কৰি অহা হৈছে(World Hearing significance)।
ভাৰত চৰকাৰৰ প্ৰচেষ্টা
চৰকাৰী পৰিসংখ্যা অনুসৰি ভাৰতত প্ৰতি বছৰে ২৭ হাজাৰতকৈ অধিক শিশু জন্মৰ পৰা ই মূকবধিৰ বা শ্ৰৱণ ক্ষমতাহীন হয় । কিন্তু মানুহৰ মাজত সজাগতাৰ অভাৱত আৰু সময়মতে সঠিক অনুসন্ধানৰ অভাৱত মানুহে প্ৰায়ে আৰম্ভণিতে নিজৰ সমস্যাৰ প্ৰতি বিশেষ গুৰুত্ব নিদিয়ে, যাৰ বাবে বেছিভাগ ক্ষেত্ৰতে ৰোগ নিৰ্ণয় কৰাত পলম হয় ।
যদিও চিকিৎসকৰ মতে, শ্ৰৱণ ক্ষমতা হেৰুওৱাৰ বহু ক্ষেত্ৰত, সময়মতে এই সমস্যা ধৰা পৰিলে উন্নত শ্ৰৱণ প্ৰযুক্তিৰ সহায়ত কেৱল শিশুৱেই নহয়,বয়সস্থসকলেও এই সমস্যাৰ পৰা সকাহ পাব পাৰে । এই দিশত ভাৰত চৰকাৰৰ প্ৰচেষ্টাৰ কথা ক'বলৈ গ'লে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত চৰকাৰৰ দ্বাৰা পৰিচালিত ৰাষ্ট্ৰীয় মূকবধিৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কাৰ্যসূচী । ইয়াৰ লক্ষ্য হৈছে ৰোগ বা আঘাতৰ ফলত পৰিহাৰযোগ্য শ্ৰৱণ ক্ষমতা হেৰুৱা, শ্ৰৱণ ক্ষমতা হেৰুৱা বা মূকবধিৰতাৰ বাবে দায়ী সমস্যাসমূহ আগতীয়াকৈ ধৰা পেলোৱা, নিৰ্ণয় আৰু চিকিৎসা কৰা, আৰু শ্ৰৱণ ক্ষমতা হেৰুৱাই পেলোৱা সকলো বয়সৰ ব্যক্তিৰ চিকিৎসা পুনৰ্বাসনৰ বাবে কাম কৰা ।
শ্ৰৱণ ক্ষমতাৰ সমস্যাৰ মূল কাৰণ
চিকিৎসকৰ মতে, শ্ৰৱণ ক্ষমতাৰ সমস্যাৰ বহু কাৰণ থাকিব পাৰে। ইয়াৰে বয়স বৃদ্ধি হোৱাটোৱেই অন্যতম সাধাৰণ কাৰণ । আচলতে বয়স বঢ়াৰ লগে লগে বহু সময়ত মানুহৰ কাণৰ স্নায়ু দুৰ্বল হ’বলৈ ধৰে, যাৰ ফলত মূকবধিৰতা বা শ্ৰৱণ ক্ষমতা হেৰুওৱাৰ সমস্যা আৰম্ভ হয় । লাভ কৰা তথ্য অনুসৰি ৬০ বছৰৰ ওপৰৰ ৩৩% লোকৰ ক্ষেত্ৰত মূকবধিৰতাৰ সমস্যা দেখা যায়, আনহাতে ৭৪ বছৰ বয়সত এই সংখ্যা ৫০% লৈ বৃদ্ধি পায় ।
ইয়াৰ উপৰিও শব্দ প্ৰদূষণ, যান-বাহনৰ শব্দ, ইয়াৰফোনৰ অত্যধিক ব্যৱহাৰ, মোবাইলত দীৰ্ঘসময়লৈকে গান শুনা, দুৰ্ঘটনা বা মূৰত আঘাত, কাণৰ সংক্ৰমণ বা যিকোনো ৰোগ আৰু বংশগতভাৱেও আন বহু কাৰণত শ্ৰৱণ ক্ষমতা হেৰুওৱা বা মূকবধিৰতাৰ সমস্যাই দেখা দিব পাৰে ।
লগতে পঢ়ক:Womens Day 2023 : ঋতুস্ৰাৱকলৈ থকা পৌৰাণিক ধাৰণাবোৰ কিমান সঁচা ?