অসম

assam

ETV Bharat / sukhibhava

Self care tips: আপুনি দীৰ্ঘায়ু হ’ব বিচাৰে নেকি ? তেন্তে আপোনাৰ জীৱন শৈলীত কৰক এইসমূহ পৰিৱৰ্তন - প্ৰতিদিনে ব্যায়াম

অনিয়মিত জীৱনশৈলী আৰু খাদ্যাভাসৰ বাবে মানুহৰ শৰীৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে ৷ সেয়ে আজিৰ এই প্ৰতিবেদনত আমি কিছু টিপছ আগবঢ়াইছো যাতে আপুনি এটি সুস্থ আৰু দীৰ্ঘায়ু জীৱন যাপন কৰিব পাৰে । সম্পূৰ্ণ প্ৰতিবেদন পঢ়ক...

Do you want long life then make these changes in your lifestyle
আপুনি দীৰ্ঘায়ু হ’ব বিচাৰে নেকি ? তেন্তে আপোনাৰ জীৱনশৈলীত কৰক এইসমূহ পৰিৱৰ্তন

By

Published : Aug 18, 2023, 1:55 PM IST

বৰ্তমানৰ অনিয়মিত জীৱনশৈলী, ভুল খাদ্যাভাসৰ আৰু মানসিক চাপৰ বাবেই বহুলোক অতি কম বয়সতে ডায়েবেটিছ, থাইৰয়ড, মেদবহুলতা আদি গুৰুতৰ ৰোগত ভুগিবলগীয়া হৈছে । বৰ্তমান সময়ত ৩০ৰ পৰা ৪০ বছৰ বয়সতো হৃদযন্ত্ৰ বন্ধ হোৱাৰ কৱলত আহি পৰিছে মানুহ । ইয়াৰ পৰিপ্ৰেক্ষিতত আপোনাৰ বাবে দৈনন্দিন কাম-কাজ তথা জীৱনশৈলী উন্নত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় । এই কথা মনত ৰাখি আজি আমি আপোনালোকক কিছুমান টিপছ আগবঢ়াবলৈ ওলাইছো যাৰ দ্বাৰা আপুনি সুস্থ আৰু দীৰ্ঘায়ু জীৱন-যাপন কৰিব পাৰিব ।

  • ধূমপান আপোনাৰ জীৱনৰ পৰা আঁতৰাই পেলাওক । অত্যধিক ধূমপানৰ ফলত হাওঁফাওঁ দুৰ্বল হৈ পৰে । ইয়াৰ ফলত উশাহ-নিশাহত অসুবিধাৰ সৃষ্টি হ’ব পাৰে ।
  • একে সময়তে আপুনি প্ৰতিদিনে ব্যায়াম কৰক । ইয়াৰ ফলত আপোনাৰ শাৰীৰিক আৰু মানসিক শক্তি বৃদ্ধি পায় । ইয়াৰ বাহিৰেও অত্যধিক সুৰা সেৱন কৰাৰ পৰা বিৰত থাকক । ইয়াৰ ফলত আপোনাৰ আয়ুস কমোৱাৰ বাবেও দায়ী হ’ব পাৰে ।
  • ইয়াৰ বাহিৰেও দৈনিক ৮ ঘণ্টা টোপনি লওক । আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে ইয়াক ভাল বুলি গণ্য কৰা হয় । দীৰ্ঘায়ুৰ বাবে আপোনাৰ জীৱনৰ মানসিক চাপ কম কৰক ।
  • যদি আপুনি দীৰ্ঘায়ু বিচাৰে, তেন্তে ড্ৰাগছ আদি সেৱন নকৰিব । বহুতে অসুস্থ হ’লেহে চিকিৎসকৰ ওচৰলৈ যায় কিন্তু এনে নকৰি আপুনি বছৰত এবাৰৰ হ’লেও স্বাস্থ্য পৰীক্ষা কৰাওক ।
  • আপুনি কি খাদ্য খায় তাৰ ওপৰতো আপুনি কিমান দিন জীয়াই থাকিব নিৰ্ভৰ কৰে । স্বাস্থ্যসন্মত খাদ্যই হৃদৰোগ, ডায়েবেটিছ, মেদবহুলতা, উচ্চ ৰক্তচাপ আৰু অন্যান্য দীৰ্ঘদিনীয়া ৰোগৰ পৰা আপোনাক ৰক্ষা কৰাত সহায় কৰিব পাৰে ।

লগতে পঢ়ক:Shalgam: কেতিয়াও জোখতকৈও অধিক গ্ৰহণ নকৰিব ওলকবি, নহ’লে স্বাস্থ্যৰ হ’ব এই লোকচান

ABOUT THE AUTHOR

...view details