জনীয়া,18জুন: ওদালগুৰিৰ গলণ্ডিহাবিৰ জলসিঞ্চন বিভাগৰ নলাৰে উটি অহা যুৱকৰ পৰিচয় ওলাল ৷ দেওবাৰে জলসিঞ্চনৰ নলাৰে উটি আহিছিল এজন যুৱকৰ মৃতদেহ ৷ অঞ্চলটোৰ স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰাৰ লগে-লগে খবৰ দিছিল ওদালগুৰি আৰক্ষীক ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰিছিল মৃতদেহটো ৷ কিন্তু যুৱকজনৰ কোনো পৰিচয় লাভ কৰা নাছিল আৰক্ষীয়ে ৷ যাৰ বাবে অঞ্চলটোত সৃষ্টি হৈছিল চাঞ্চল্যৰ ৷
পৰিচয় ওলাল জলসিঞ্চন বিভাগৰ নলাৰে উটি অহা যুৱকৰ
ওদালগুৰিৰ গলণ্ডিহাবিৰ জলসিঞ্চন বিভাগৰ নলাৰে উটি অহা যুৱকৰ ওলাল পৰিচয়,যুৱকজন কলগাছিয়াৰ হালিম মিঞা বুলি চিনাক্ত
ইফালে,এই ঘটনাৰ পাছতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ সময়তে সোমবাৰে নিশা মৃত যুৱকজনৰ ওলাই পৰিচয় ৷ যুৱকজন কলগাছিয়াৰ হালিম মিঞা। একে গাঁৱৰে জুলহাস আলী নামৰ এজন লোকে কামৰ প্ৰলোভনেৰে গুৱাহাটীৰ কথা কৈ ওদালগুৰিলৈ লৈ গৈছিল। দেওবাৰে জুলহাস আলীয়ে কলগাছিয়ালৈ ওভতি আহি হালিম মিঞা নিৰুদ্দেশ হৈছে বুলি জনাইছিল যুৱকজনৰ পৰিয়ালক । এই ঘটনাৰ পাছতে পৰিয়ালৰ লোকে আৰক্ষীৰ ওচৰ চপাত যুৱকজনৰ মৃত্যু হোৱা বুলি জানিবলৈ পাইছিল পৰিয়ালৰ লোকে। যুৱকজনৰ পৰিয়ালৰ সন্দেহ কোনো দুষ্কৃতিকাৰীয়ে হত্যা কৰি নলাত পেলাই থৈ গৈছিল হালিমক। ইতিমধ্যেই, পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ইফালে,স্থানীয় ৰাইজে জুলহাস আলীক আৱদ্ধ কৰিছিল যদিও ওদালগুৰিত উদ্ধাৰ যোৱা মৃতদেহটো আব্দুল হালিমৰ বুলি চিনাক্ত হোৱাৰ পাছৰে পৰা জুলহাস আলী আৰু তেওঁৰ পৰিয়ালৰ লোকে পলায়ন কৰি আছে ।