অসম

assam

ETV Bharat / state

Minister Pijush Hazarika : অসমীয়া মানুহৰ ভোটহে লাগে : পীযুষ হাজৰীকা - পীযুষ হাজৰীকা

ওদালগুৰিৰ ভেৰগাঁৱত এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি বদৰুদ্দিন আজমলৰ বিতৰ্কিত মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ এই কথা বিলাক অসমীয়া মানুহৰ মগজুত সোমাব লাগে বুলি কয় তেওঁ ৷

Public meeting of BJP at Bhergaon
মন্ত্ৰী পীযুষ হাজৰীকা

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 10:00 PM IST

ওদালগুৰিৰ ভেৰগাঁৱত মন্ত্ৰী পীযুষ হাজৰীকা

ওদালগুৰি, 4 নৱেম্বৰ :"100 বছৰ নহয় অহাঁ‌ 200 বছৰলৈ আমাৰ বিজেপি দলক বাংলাদেশী মিঞাৰ ভোট নালাগে ৷ আমি তেনেকৈয়ে জয় লাভ কৰি আছো, আমাক অসমীয়া মানুহৰ ভোট লাগে ৷ তাৰ কাৰণে আমি দিনে-ৰাতিয়ে কাম কৰিবলৈ সাজু, অসমীয়া মানুহৰ ভৰিত ধৰিবলৈ সাজু ৷" এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ ওদালগুৰিৰ ভেৰগাঁৱত এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

ইফালে বদৰুদ্দিন আজমলৰ বিতৰ্কিত মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীজনে কয় যে, তেওঁলোকে এনেকৈ অসমীয়াক উপহাস কৰে যে, অসমীয়া যোগ্য মানুহ নহয় ৷ এই কথা বিলাক অসমীয়া মানুহৰ মগজুত সোমাব লাগে ৷ আজমলে কোৱা কথা নোহোৱা নহয় ৷ ঈদৰ সময়ত গুৱাহাটীৰ অৱস্থা বেয়া হৈ যায় বুলি কয় তেওঁ ৷ গতিকে অসমীয়া ল’ৰা-ছোৱালী কাম কৰিবলৈ ওলাই আহিব লাগে বুলি কয় মন্ত্ৰীজনে ৷

উল্লেখ্ যে, 2024 ৰ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি দেশৰ ৰাজনৈতিক দল সমূহে আৰম্ভ কৰিছে কুচকাৱাজ ৷ ইয়াৰ ব্যতিক্ৰম নহয় ভাৰতীয় জনতা পাৰ্টী ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে শনিবাৰে ওদালগুৰি জিলাৰ নৱ গঠিত 45 নং ভেৰগাঁও বিধানসভা সমষ্টিত বিজেপিৰ এক বিশাল জনসভা অনুষ্ঠিত হয় ৷ সভাত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰীকা, মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা,ওদালগুৰি জিলা বিজেপিৰ সভাপতি সুনীল কুমাৰ বসুমতাৰী,পাৰিষদ ভৱেন্দ্ৰ বড়োৰ লগতে দলৰ বিভিন্ন নেতা-কৰ্মী সকল ৷ সহস্ৰাধিক ৰাইজ অংশগ্ৰহণ কৰা এই জনসভাত ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই উপস্থিত থাকি বক্তব্য আগবঢ়োৱাৰ লগতে দলৰ কৰ্মী সকলক দিহা-পৰামৰ্শ আগবঢ়ায় ৷

লগতে পঢ়ক :Lok Sabha Election 2024 : সমষ্টি সলনি হ’ব কংগ্ৰেছৰ তিনি সাংসদৰ ! যোৰহাটত খেলিব গৌৰৱে, প্ৰদ্যুৎ বৰদলৈ-খালেকে খেলিব ক’ত ?

ABOUT THE AUTHOR

...view details